''আজি জিলিকি থকা বিজেপি কাৰ্যালয়টো এদিন বিবাহ ভৱন হ'ব''


 

ৰাজ্যিক বিজেপিৰ নতুন কাৰ্যালয় মুকলি অনুষ্ঠানৰ সময়তে নিজৰাপাৰস্থিত বাসগৃহত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল। সংবাদমেলত গগৈয়ে উল্লেখ কৰে যে কৰোনাৰ পিছত মানুহ চলিব নোৱাৰা হৈছে, তেনেস্থলত বিজেপিয়ে প্ৰায় ৩৫ কোটিটকীয়া কাৰ্যালয় মুকলি কৰিছে।


গগৈয়ে কয়– ''বিজেপিয়ে এইপৰ্যন্ত ৪টা কাৰ্যালয় উদ্বোধন কৰিছে। ২ এপ্ৰিল ২০২২ত ভি আই পি ৰোডত RSSৰ এটা সুদৰ্শনালয়, ২৯ আগষ্ট ২০২২ত উজানবজাৰত বিজেপিৰ উত্তৰ–পূবৰ কাৰ্যালয়, ৪ জুলাই ২০১৯ত ছয়মাইলত একল' ভৱন আৰু ৮ অক্টোবৰত বশিষ্ঠৰ ৰাজ্যিক কাৰ্যালয় উদ্বোধন কৰিছে বিজেপিয়ে। লগতে ৪০খন বলেৰ' আৰু ৮খন স্ক'ৰপিঅ' বাহন বিতৰণ কৰিছে বিজেপিয়ে। কেনেকৈ, ক'ৰ পৰা আহিছে এইবোৰ নিৰ্মাণৰ টকা? কেনেকৈ এটা শাসক দলে ৭ বছৰ শাসন কৰিয়ে এটাৰ পিছত এটা কাৰ্যালয় বনাইছে?''

অসমত ৩১.৬ শতাংশ পৰিয়ালৰ পকী ঘৰ থকা বুলি প্ৰকাশ কৰি গগৈয়ে কয়– ''৩১.৬ শতাংশ পৰিয়ালৰ পকী ঘৰ, বাকী সকলো কেঁচা ঘৰ। যিখন ৰাজ্যত মানুহৰ থাকিবলৈ ভাল এটা ঘৰ নাই, তাত বিজেপিয়ে অট্টালিকা বনাই গৈছে। উদ্বোধনী অনুষ্ঠানলৈ অহা বিজেপিৰ বহু কাৰ্যকতাৰে ঘৰ চাগে কেঁচা।

বশিষ্ঠৰ যিখিনি ঠাইত বিজেপিৰ পঞ্চতাৰকা কাৰ্যালয় নিৰ্মাণ কৰিছে, সেই মাটিখিনি জলসম্পদ বিভাগৰ। নদী গৱেষণাৰ এক কেন্দ্ৰৰ কাৰণে সংৰক্ষিত আছিল মাটিখিনি। গৃহমন্ত্ৰীয়ে যিটো সময়ত বানমুক্ত অসমৰ বৈঠক কৰিছে, সেই সময়ত জলসম্পদ বিভাগৰ মাটি গাৰ জোৰেৰে কাঢ়ি চৰকাৰৰ সহযোগত দলীয় কাৰ্যালয় নিৰ্মাণ কৰিছে।''

বিধায়ক গগৈয়ে পুনৰ কয়– ''ভাৰতবৰ্ষৰ আটাইতকৈ বেপাৰী দলটোৱে পঞ্চতাৰকাযুক্ত কাৰ্যালয় নিৰ্মাণ কৰিছে। ৩,২৪৩ জন লোকে ২০২০ বৰ্ষত আৰু ২০২১ চনত ৩,৩০২ জন লোকে আত্মহত্যা কৰিছে।  আজিৰ তাৰিখত ২৫০ টকীয়া বৃদ্ধ পেঞ্চন, ৩০০ টকীয়া বিধৱা পেঞ্চনক লৈ হাহাকাৰ কৰিছে অসমৰ দৰিদ্ৰ লোকে। সেই সময়ত এবছৰৰ ভিতৰত চাৰিটা পঞ্চতাৰকা কাৰ্যালয় নিৰ্মাণ কৰিছে। এয়া পৃথিৱীৰ ভিতৰতে ৰাজনৈতিক আদৰ্শৰ অধঃপতন।''

Post a Comment

Previous Post Next Post