ঘৰৰ দেৱালত সততে দেখা পোৱা এই সৰীসৃপ প্ৰাণীবিধক দেখিলেই বহুতে ভয় কৰে। বহুতে আন্ধাৰ বাথৰুমত দেখি ভয়ত চেতন হেৰুৱাই পেলোৱাৰ দৰেও অৱস্থাত পৰিছে। এই জীৱটো সকলোতে দেখা যায়, কেতিয়াবা দেৱালত, কেতিয়াবা আচবাবত; কিন্তু এই জীৱবিধৰ উপদ্ৰৱৰ পৰা কেনেকৈ ৰক্ষা পৰিব ভাবি পোৱা নাই নেকি?
জেঠীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ কিছুমান সহজ ঘৰুৱা উপায় জানো আহকঃ
কণীৰ খোলা - এক অধ্যয়নৰ মতে কণীৰ খোলা ৰাখিলে ঘৰৰ ভিতৰলৈ জেঠী অহাৰ পৰা ৰক্ষা পৰে। গতিকে ঘৰত য’ত বেছিকৈ জেঠী দেখা দিয়ে তাতেই কণীৰ খোলাবোৰ ৰাখক।
জালুক বা জলকীয়াৰ স্প্ৰে - জালুক স্প্ৰে বা জলকীয়াৰ স্প্ৰে এবিধ ফলপ্ৰসূ মিশ্ৰণ। এই ধৰণৰ স্প্ৰে ঘৰতে বনাব পাৰে। পানীৰ বটলত ৰঙা জলকীয়া পিহি লওক। যদি আপুনি এই মিশ্ৰণটো জেঠীৰ ওপৰত স্প্ৰে কৰে, তেন্তে সেই সৰীসৃপ আৰু কেতিয়াও আগবাঢ়ি নাহে।
নেফথেলিন - জেঠীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰাত নেফথেলিন অতি উপযোগী। নেফথেলিন ঘৰৰ এটা চুকত, শিশুৰ হাত নলগা ঠাইত লুকুৱাই ৰাখিব লাগে। আলমাৰীৰ ওপৰতো ৰাখিব পাৰি। কিন্তু এনে ঠাইত ৰাখিব লাগে, যাতে জেঠীটো তাৰ সংস্পৰ্শলৈ আহে। নেফথেলিনৰ গোন্ধ পালে সেই কোঠাটোত জেঠীয়ে কেতিয়াও প্ৰজনন কৰিবলৈ নাহে।

ময়ূৰৰ পাখি - ঘৰৰ বেৰত ময়ূৰৰ পাখি লগালে জেঠীৰ উপদ্ৰৱ কমি যায় বুলি জনা যায়। গতিকে ঘৰৰ বেৰত এটা ধুনীয়া ময়ূৰৰ পাখি লগাব পাৰে।
Tags:
National