ৰজাৰ দৰে জীৱন কে এল ৰাহুলৰ! দামী ঘড়ী, গাড়ী, ঘৰ, কি নাই!


 

কন্নুৰ লোকেশ ৰাহুল। কে এল ৰাহুল নামেৰেই পৰিচিত। ষ্টাইলিছ ক্ৰিকেটাৰ হিচাপে তেওঁক বহুতেই পছন্দ কৰে। কে এল ৰাহুলৰ জীৱন ৰজাৰ দৰে।কে এল ৰাহুল জেনোভিট, কিউৰ.ফিট, বট, পুমা আৰু ৰেডবুলৰ দৰে বহু সুপৰিচিত ব্ৰেণ্ডৰ এম্বেছাডৰ। স্প’ৰ্টছ ব্ৰেণ্ড পুমা আৰু ডায়েটাৰী ছাপ্লিমেণ্ট ব্ৰেণ্ড জেনোভিটৰ সৈতে তিনি বছৰৰ চুক্তি আছে তেওঁৰ। ভাৰতীয় ক্ৰিকেট দলত কে এল ৰাহুল এতিয়া উল্লেখযোগ্য সদস্য।কে এল ৰাহুলৰ বিচিচিআইৰ সৈতে গ্ৰেড এ চুক্তি আছে। তেওঁৰ বাৰ্ষিক বেতন ৫ কোটি টকা। caknowledge.comৰ মতে, কে এল ৰাহুলৰ বাৰ্ষিক উপাৰ্জন ৭৫ কোটি টকা। ১০জন ধনী ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত ৰাহুলো আছে।

বেংগালুৰুত এটা এপাৰ্টমেণ্ট আছে ৰাহুলৰ। তেওঁ প্ৰায়ে ৱৰ্কআউটৰ বাবে সেই এপাৰ্টমেণ্টৰ ছান ডেক ব্যৱহাৰ কৰে। তেওঁৰ ঘৰটো সুন্দৰ ফাৰ্নিচাৰেৰে সজোৱা। ইয়াৰ উপৰি জিম কৰাৰ সকলো সৰঞ্জাম আছে।

কে এল ৰাহুলৰ হাতঘড়ীৰ খুব চখ আছে। তেওঁ অসাধাৰণ সংগ্ৰহৰ ভিতৰত আছে ২৭ লাখ টকাৰ এটা ৰোলেক্স, ১৮ কেৰেট ৰোজ গ’ল্ড স্কাই–ডভেলাৰ ৰোলেক্সো আছে তেওঁৰ ওচৰত। তাৰ দাম ৩৮ লাখ টকা। ইয়াৰ উপৰি ৪ লাখ টকা মূল্যৰ এটা পানেৰাই আৰু ১৯ লাখ টকা মূল্যৰ এটা Audemars Piguet Royal Oak ঘড়ী আছে তেওঁৰ।কে এল ৰাহুলে বিলাসবহুল গাড়ী ভাল পায়। তেওঁৰ অধিকসংখ্যক গাড়ীয়ে দামী। তেওঁৰ প্ৰথমখন গাড়ী আছিল মাৰ্চিডিজ C43 AMG। ৰাহুলে তেওঁৰ প্ৰথম বিলাসবহুল গাড়ীখন কিনিছিল ৭৫ লাখ টকাত। কে এল ৰাহুলৰ এখন BMW SUV আছে, যাৰ দাম ৭০ লাখ টকা গাড়ীখনৰ নম্বৰো আছিল অনন্য, তাত লিখা আছিল ‘KLR’।

Post a Comment

Previous Post Next Post