‘আদিপুৰুষ’ৰ প্ৰথম টিজাৰ মুকলি! ৰাৱণৰ ৰূপ দেখি বিস্মিত দৰ্শক, ভিএফএক্সক লৈও প্ৰতিক্ৰিয়া


 

দেহত নীলা ৰঙৰ কৱচ, চকুত নীলা আইশ্বেড’, দাড়ি ঘূৰণীয়া কৰি ডিঙিলৈকে ট্ৰিম কৰা– আদিপুৰুষত নতুন লুকত ছইফ আলী খান। কিন্তু এই ৰূপত যে ৰাৱণৰ চৰিত্ৰ হ'ব পাৰে, সেয়া কোনেও বিশ্বাস কৰা নাছিল। সেয়ে ‘আদিপুৰুষ’ৰ ফ্লেছত ছইফ আলী খানৰ লুক ফাদিল হোৱাত ক্ষুব্ধ হৈ পৰিছে দৰ্শক। সকলো এই কথাত একমত যে তেওঁৰ চেহেৰা বাবৰ, ঔৰংগজেব বা টাইমুৰৰ দৰে মোগল যোদ্ধাৰ দৰে হৈছে, কিন্তু ৰাৱণক তেনেকৈ দেখাটো সম্ভৱ নহয়।


আদিপুৰুষ কথাছবিখনত ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছে দক্ষিণৰ তাৰকা বাহুবলীখ্যাত প্ৰভাসে। অযোধ্যাৰ সৰযু নদীৰ পাৰৰ পৰা আৰম্ভ কৰিছে তেওঁ যাত্ৰা।

বহু প্ৰত্যাশিত ‘আদিপুৰুষ’ৰ প্ৰথম টিজাৰ মুকলি কৰাৰ পিছত ওম ৰাউতৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰামচন্দ্ৰৰ চৰিত্ৰত প্ৰভাস, ‘সীতা’ৰ ৰূপত কৃতী ছানন আৰু ৰাৱণৰ চৰিত্ৰত ছইফ আলী খানক দেখা গৈছে। ১ মিনিট ৪৬ ছেকেণ্ডৰ টিজাৰত দেখা যায় যে ৰামে সাগৰত ধ্যান কৰি আছে। আৰু শত্ৰুবিলাকে তেওঁক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। তেওঁ তেওঁলোকৰ লগত ধনু-কাঁড়েৰে যুদ্ধ কৰি আছে। তাৰ পিছত আহিছে লংকেশ। দেখা গৈছে লক্ষ্মণ আৰু ৰামচন্দ্ৰৰ বান্দৰ সেনাকো।৪০০ কোটি টকাৰ বাজেটৰ ছবিখন ২০২৩ চনৰ জানুৱাৰী মাহত ছবিগৃহত মুক্তি পাব। কিন্তু ‘আদিপুৰুষ’ৰ ভিএফএক্সৰ বাবে পৰিচালকগৰাকীৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোৱা হৈছে যে কেইবাবছৰ পূৰ্বে নিৰ্মিত ‘বাহুবলী’ৰ ভিএফএক্সৰ মানদণ্ড এইখন ছবিতকৈ ভাল আছিল।

Post a Comment

Previous Post Next Post