কেবিনেটৰ সিদ্ধান্ত– নিম্ন প্রাথমিকৰ পঞ্চম শ্রেণী আৰু উচ্চ প্রাথমিকৰ সপ্তম শ্রেণীত বার্ষিক পৰীক্ষা



 আজি জনতা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰে। শিক্ষামন্ত্ৰীয়ে  শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ দিশত বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।


মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ অৰ্থে প্রতিটো শিক্ষাবর্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্রেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ (সংশাধনী) আইন, ২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন দিয়া হয় কেবিনেটত।

এই দিশত আৰোপ কৰা হৈছে কেইবাটাও চর্ত। সেয়া হৈছে–

–নিম্ন প্রাথমিকৰ পঞ্চম শ্রেণী আৰু উচ্চ প্রাথমিকৰ সপ্তম শ্রেণীত বার্ষিক পৰীক্ষা থাকিব লাগিব।
–পৰীক্ষাত অনুত্তীর্ণ শিশুক পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নির্দেশনা দিয়া হ'ব আৰু কোনো ক্ষেত্রতে শিশুটিক বহিষ্কাৰ কৰা নহ'ব।
–বার্ষিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰা ২ মাহৰ ভিতৰত পুনঃপৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।
–পুনঃপৰীক্ষাত কৃতকার্য শিশুৰ বাবে পৰৱর্তী উচ্চ শ্রেণীত নামভৰ্তিৰ ব্যৱস্থা থাকিব। এইক্ষেত্ৰত উচ্চ শ্রেণী নথকা বিদ্যালয়ে এনে শিশুক আন বিদ্যালয়ত বাধ্যতামূলক হিচাপে নামভৰ্তি কৰাব পাৰিব।

Post a Comment

Previous Post Next Post