সোণাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন লোক


 

কালি নিশা সোণাপুৰৰ নাজিৰাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন । সোণাপুৰৰ নাজিৰাখাতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।


জানিব পৰা মতে, গুৱাহাটী অভিমুখি ছুইফট ডিজায়াৰ গাড়ীয়ে তীব্ৰ বেগত থকা অৱস্থাতে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে নিহত হয় ছুইফটখনত থকা তিনিজন আৰোহী।

ছুইফটখনৰ নম্বৰ আছিল AS 01 BH 9714। নিশা ঘটনাস্থলীত উপস্থিত হয় সোণাপুৰ যানবাহন আৰক্ষী আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

Post a Comment

Previous Post Next Post