কালি নিশা মৰিগাওঁ জিলাৰ আমচৈ গেটৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে এখন এল্ট্ৰ' গাড়ীয়ে। জানিব পৰা মতে, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গৈ আছিল AS 01 DF 6588 নম্বৰৰ এল্ট্ৰ' গাড়ীখন।
উল্লেখযোগ্য যে, দুৰ্ঘটনাত থিতাতে নিহত হয় চালক আৰু এজন আৰোহী। নিহত লোক দুজন মুকুট দাস (৬০) আৰু চালক নয়ন দাস (৩৫) বুলি জানিব পৰা গৈছে।
ঘটনাটোত আহত হৈছে দুগৰাকী যুৱতী ক্ৰমে খাংকানা দাস(২০) আৰু দীক্ষা দাস(২৩)। আটাইৰে ঘৰ বাক্সাৰ খন্দিকাত। দীক্ষা দাসৰ চাকৰিৰ ইণ্টাৰভিউ দিবলৈ আটাইয়ে নগাঁৱলৈ আহিছিল বুলি জানিব পৰা গৈছে।
Tags:
National