তিতাবৰত ৰে'লৰ খুন্দাত তিনিটাকৈ বন্যহস্তীৰ মৃত্যুৰ বাবে জগৰীয়া কোন?


 

তিতাবৰৰ খৰিকটীয়া চাহ বাগিচাৰ মাজেৰে যোৱা ৰে'লপথত যোৱা ৯ অক্টোবৰৰ নিশা ৰে'লৰ খুন্দাত পোৱালিসহ তিনিটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া ঘটনাৰ সন্দৰ্ভত NEWS 18 ৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গোপন তথ্য।


এই অনুসন্ধানত পোহৰলৈ আহিছে গিৱন অভয়াৰণ্যৰ হাতীৰ জাকক লৈ ৰে'ল বিভাগ আৰু বন বিভাগে প্ৰদৰ্শন কৰি অহা দায়িত্বজ্ঞানহীনতা। ৰে'ল বিভাগ আৰু বন বিভাগৰ প্ৰয়োজনীয় সংযোগহীনতাৰ বাবেই তিনিটাক বন্যহস্তীয়ে যে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, সেই বিষয়ে স্পষ্ট হৈ পৰিছে।
উল্লেখ্য যে ৯ অক্টোবৰৰ নিশা তীব্ৰ বেগী নামনি মুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মাতৃসহ এটা পোৱালি হাতীয়ে ঘটনাস্থলীতে মৃত্যুক সাৱটি ল'বলগীয়া হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনী হাতী  চিকিৎসাধীন অৱস্থাত গিৱন অভয়াৰণ্যত মৃত্যু হৈছিল।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল খৰিকটীয়া চাহ বাগিচাৰ মাজেৰে যোৱা ৰে'লপথৰ ST 90 C নম্বৰৰ ৰে'ল গেটৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত। এই ৰে'ল গেটখনত আছিল বন্যহস্তী ৰে'লপথৰ পৰা আঁতৰাবলৈ প্ৰয়োগ কৰা ৰে'ল বিভাগে স্থাপন কৰা মৌ মাখিৰ শব্দ উলিওৱা এটা বিশেষ যন্ত্ৰ। উল্লেখ যে মৌ মাখি বাঁহ থকা স্থানত নাথাকে বন্য হস্তী। ৰে'ল বিভাগৰ এই শব্দ যন্ত্ৰটোৰ দ্বাৰা ৰেকৰ্ড কৰি থোৱা মৌমাখিৰ শব্দ বজালে বন্যহস্তী আঁতৰি যায় ৰে'ল পথৰ পৰা। কিন্তু ঘটনা সংঘটিত হোৱাৰ দিনা ৰে'ল বিভাগৰ এই যন্ত্ৰটো বিকল হৈ থকাৰ বাবে বজাব নোৱাৰিলে কৰ্তব্যত থকা গেট মেনজনে।

লক্ষণীয়ভাৱে ঘটনা সংঘটিত হোৱাৰ ৬ দিন উকলি যোৱাৰ পিছতো বৰ্তমানেও শব্দ যন্ত্ৰটো বিকল হৈ আছে। শব্দ যন্ত্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ আহৰি হোৱা নাই বিয়াগোম ৰে'ল বিভাগৰ। মৌ মাখিৰ শব্দ ওলোৱা শব্দ যন্ত্ৰ গিৱন অভয়াৰণ্যৰ পৰা তিতাবৰ পৰ্যন্ত থকা হস্তী দণ্ডীৰ সমীপত থকা ৰে'ল গেটসমূহত স্থাপন কৰি থোৱা আছে।

Post a Comment

Previous Post Next Post