বৰ্ষাপাৰাত ক্ৰিকেট চলি থাকোতেই ঘটিল অথন্তৰ! কিছুসময়ৰ বাবে স্তব্ধ হ'ল খেল





 গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চলি আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট বিশ্বকাপ। খেলৰ মাজতে ঘটিল অঘটন। ষ্টেডিয়ামত খেল চলি থকাৰ সময়তে খেলপথাৰত দেখা পোৱা গ'ল এডাল প্ৰকাণ্ড সাপ। সাপ দেখি খেলুৱৈসকলৰ মাজত লাগিল হুৱাদুৱা। তাৰপিছত কিছুসময়ৰ বাবে স্থগিত ৰখা হ'ল খেল।

উল্লেখযোগ্য যে, ভাৰতে বেটিং কৰি থাকোতে সপ্তম অ'ভাৰত সাপ ওলাই বৰ্ষাপাৰাত। ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলে বেট ধৰি থকাৰ সময়তে ওলাল সাপটো। সাপ বিশেষজ্ঞৰ দল আহি খেলপথাৰৰ পৰা উদ্ধাৰ কৰে সাপটো।

ভাৰতবৰ্ষৰ প্ৰখ্যাত ক্ৰিকেট কমেন্টেটৰ তথা সাংবাদিক হৰ্ষা ভোগলেই টুইট কৰি কয় যে, "মোৰ জীৱনত প্ৰথমবাৰ এনে দেখিলো। কিন্তু বিষয়ববীয়াসকল সাজু আছিল। তৎক্ষণাত সাপটো আঁতৰাই লৈ যোৱা হ'ল।"কিনকিনীয়া বৰষুণৰ পিছতেই এইবাৰ সাপ ওলাই খেলখনৰ মাজত অথন্তৰ লগায়। ইয়াৰ পূৰ্বেও বৰ্ষাপাৰা ষ্টেডিয়ামত খেল চলি থকাৰ মাজত কুকুৰ ওলোৱাৰ দৰে ঘটনা সংঘটিত হৈছিল।

Post a Comment

Previous Post Next Post