নিচামুক্তি কেন্দ্ৰৰ আন এক অন্ধকাৰ দিশ উন্মোচন দেৰগাঁৱত


 

দেৰগাঁও পুনৰ সংস্থাপন কেন্দ্ৰত ভয়ংকৰ ঘটনা। অমানুষিক, বৰ্বৰ অত্যাচাৰ নিচাসক্ত যুৱকক। অত্যাচাৰ সহিব নোৱাৰি প্ৰাণৰ মমতাত পলায়ন কৰে কেন্দ্ৰৰ পৰা।


দেৰগাঁও লাহটিস্থিত বেচৰকাৰী সংস্থা ৰাইজিং লাইফৰ উদ্যোগত আৰম্ভ কৰা উচিত আৰু নিৰাপদ পুনঃসংস্থাপন কেন্দ্ৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিচাসক্ত যুৱক–যুৱতীসকলক নিচামুক্ত কৰাৰ উদ্দেশ্যে স্থাপন কৰা কেন্দ্ৰটিত সংঘটিত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত। এগৰাকী নিচাসক্ত যুৱক বৰ্বৰ অত্যাচাৰৰ সন্মুখীন হৈ অৱশেষত কেন্দ্ৰৰ পৰা পলাবলৈ বাধ্য হয়।

উল্লেখ্য, দেৰগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ প্ৰায় ১১ গৰাকী যুৱক আৰু যুৱতীক ৰখা এই কেন্দ্ৰটিত এতিয়া নিচামুক্ত কৰাৰ নামত দুৰ্গন্ধময় পৰিৱেশত যুৱক–যুৱতীসকলক অমানুষিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কেন্দ্ৰটিৰ তত্ত্বাৱধায়ক নাচিম আহমেদৰ নেতৃত্বতেই দৈনিক ভয়ংকৰ মাৰপিটকে ধৰি অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱক–যুৱতীৰ পৰিয়ালে। মাহে বুজন পৰিমাণৰ আৰ্থিক বৰঙণি গ্ৰহণ কৰি পৰিচালনা কৰা কেন্দ্ৰটিত খাদ্যৰ নামত গৰুৰ দানা সদৃশ খাদ্য প্ৰদান কৰা, বাথৰুমত একেলগে দুই তিনিজন যুৱকক উলংগ হৈ গা ধুবলৈ দিয়া আদিৰ দৰে নিকৃষ্ট কাৰ্যৰে অমানৱীয় অত্যাচাৰ কৰাৰ অভিযোগ উঠা কেন্দ্ৰটোৰ পৰা পলায়ন কৰা এজন যুৱক চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হয়।

এই খবৰ বিয়পি পৰাৰ লগে লগেই অভিভাৱকসকল কেন্দ্ৰটিত উপস্থিত হৈ নিজ নিজ সন্তানক বিচাৰি হাহাকাৰ কৰে। এই কথাৰ উমান পাই কেন্দ্ৰটিৰ পৰা তত্ত্বাৱধায়কসহ অন্যান্য কৰ্মচাৰীয়ে পলায়ন কৰে। উল্লেখযোগ্য যে অন্য এক পৃথক ঘটনাত শনিবাৰে নিশা তত্ত্বাৱধায়ক নাচিম আহমেদক দেৰগাঁও আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post