পোনপটীয়া সম্প্ৰচাৰ হ’ব উচ্চতম ন্যায়ালয়ৰ ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে বিচৰা আবেদনৰ শুনানিৰ


 

এতিয়াৰ পৰা আপুনিও দেশৰ উচ্চতম ন্যায়ালয়ৰ কাৰ্যক্ৰমণিকা বিশ্বৰ যিকোনো প্রান্তৰ পৰা চাব পাৰিব । ছেপ্টেম্বৰৰ ২৭ তাৰিখৰ পৰা উচ্চতম ন্যায়ালয়ে সাংবিধানিক বিচাৰপীঠৰ  গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি livestreaming কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। সদ্যহতে তিনিখন সাংবিধানিক বিচাৰপীঠৰ শুনানিৰ YouTubeৰ যোগেদি পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ হৈছে।


দেশৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সঞ্জয় কিষণ কৌলৰ বিচাৰপীঠৰ শুনানিৰ একে সময়তে পৃথকে পৃথকে YouTubeত পোনপটীয়া সম্প্ৰচাৰ হয় । উল্লেখযোগ্য যে প্ৰথম দিনটোতে ৮লাখতকৈ অধিক লোকে শুনানিৰ পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ অভিজ্ঞতা লয় ।

অহা নৱেম্বৰৰ ১ তাৰিখৰ পৰা উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে গ্রহণ কৰিব ভিত্তি বর্ষৰ শুনানি। অসম সন্মিলিত  মহাসংঘই অসমৰ কাৰণে ১৯৭১ চনৰ সুকীয়া ভিত্তি বৰ্ষ ব্যৱস্থাৰ প্ৰত্যাহ্বান জনাই ২০১২ চনত উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল। মহাসংঘই নাগৰিকত্ব আইনত সংযোজিত দফা ৬(ক)ৰ প্ৰত্যাহাৰ বিচাৰি ১৯৫১ চনক অসমৰ বেলিকা ভিত্তি বৰ্ষ হিচাপে গণ্য কৰাৰ পোষকতা কৰিছে। এই গোচৰৰ শুনানি সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল আৰু ১ নৱেম্বৰৰ পৰা শুনানি আৰম্ভ হ’ব। আৰু এই গুৰুত্বপূৰ্ণ বিষয়ৰ শুনানিৰ YouTubeত সমগ্ৰ অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব পাৰিব। কাৰণ এই গোচৰৰ শুনানিৰো পোনপটীয়া সম্প্ৰচাৰ হ’ব বুলি জানিব পৰা গৈছে ।

২০১৮ চনত স্বপ্নিল ত্ৰিপাঠী নামৰ এজন ব্যক্তিয়ে Livestreaming বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে পোনপটীয়া সম্প্ৰচাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু এই ব্যৱস্থা কাৰ্যকৰী হয় যোৱা ছেপ্টেম্বৰৰ ২৭ তাৰিখে।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক সকলো পক্ষই স্বাগতম জনোৱা পৰিলক্ষিত হৈছে । ন্যায়পালিকা স্বচ্ছ আৰু সুগম হোৱাৰ দিশত  ই এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হৈছে । ইতিমধ্যে দেশৰ ৭খন উচ্চ ন্যায়ালয়ে কাৰ্যক্ৰমণিকাৰ পোনপটীয়া সম্প্ৰচাৰ আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত কৰ্ণাটক আৰু গুজৰাট উচ্চ ন্যায়ালয় অন্যতম। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এতিয়াও Livestreaming আৰম্ভ হোৱা নাই। গুৰুত্বপূৰ্ণ যে বিশ্বৰ বিভিন্ন দেশৰ  আদালতৰ কাৰ্যক্ৰমণিকাৰ পোনপটীয়া সম্প্ৰচাৰ হয়।

Post a Comment

Previous Post Next Post