মহানগৰীত পিয়লা আকৃতিৰ এখন বিশেষ চাহৰ বিপণী 'এপিয়লা'


 

গুৱাহাটী মহানগৰীত এখন চলন্ত বিপণী। বিপণীখনে দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্ন জনৰ। মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত দুগৰাকী যুৱ উদ্যোগীৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে "এপিয়লা" শীৰ্ষক এখন বিশেষ চাহ বিপণী। সাইলাখ পিয়লাৰ আকৃতিত বাঁহেৰে নিৰ্মিত এটা পিয়লা। কিন্তু কোনো প্ৰদৰ্শনীৰ বাবে নহয়। এই পিয়লাটো হৈছে এখন চলন্ত চাহৰ বিপণী।


উল্লেখযোগ্য যে, লোহাৰ ফ্ৰেমত সৰ্ম্পূন বাঁহেৰে নিৰ্মাণ কৰা হৈছে পিয়লা সদৃশ এই চাহৰ বিপণীখন। বাঁহৰ ওপৰত ৰঙ কৰি বাগানীয়া মহিলাই চাহ পাত চিঙাৰ দৃশ্য অংকন কৰা হৈছে। নাম দিয়া হৈছে "এপিয়লা"। এপিয়লাত উপলব্ধ তিনি প্ৰকাৰৰ চাহ। ৰঙা চাহ, সেউজীয়া চাহ (green tea) আৰু মছলা চাহ।

কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা "এপিয়লা"ই আৰ্কষিত কৰিছে চাহ প্ৰেমীক। এই এপিয়লাৰ আঁৰত আছে দুগৰাকী উদ্যমী যুৱতী। পেছাত পশু চিকিৎসক ডাঃ দেৱযানী দাস আৰু ভগ্নী উপাসনা দাস। এপিয়লাৰ বিশেষ ব্ৰেণ্ড হৈছে মছলা চাহ। নিজেই মছলা প্ৰস্তুত কৰি তৈয়াৰ কৰে মছলা চাহ। এবাৰ মছলা চাহৰ সোৱাদ লোৱা গ্ৰাহকে পুনৰ আহে মছলা চাহৰ সোৱাদ ল'বলৈ।

তদুপৰি, গ্ৰাহকক আকৰ্ষিত কৰিবলৈ অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাত ডিজাইন কৰা হৈছে এপিয়লাৰ ল'গ'। মহানগৰীত চাহৰ বিভিন্ন বিপণী গঢ়ি উঠিছে যদিও কটনৰ সন্মুখেৰে পাৰ হৈ যোৱা প্ৰায় লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে পিয়লা সদৃশ বিপণী এপিয়লাই। সেয়ে কটনৰ সন্মুখেৰে পাৰ হৈ যোৱা একাংশ লোকে এপিয়লাত এভুমুকি মাৰি চাহৰ সোৱাদ লৈ সতেজ কৰে নিজকে।

Post a Comment

Previous Post Next Post