দৰঙৰ আটাকাটা গাঁওত বনৰীয়া গাহৰিৰ আক্ৰমণত ৭জনকৈ লোকে পালে হাস্পতাল। অকল মানুহকে নহয় কেইবাটাও পোহনীয়া জীৱ-জন্তুকো আহত কৰে বনৰীয়া গাহৰিয়ে।
মঙলদৈ অসামৰিক চিকিৎসালয়ত গাহৰিৰ আক্ৰমণত আহত লোককেইজনক চিকিত্সা কৰা হয়। বনৰীয়া গাহৰিটোৱে জনাঞ্চলত আক্ৰমণাত্মক ৰূপত মুক্ত বিচৰণ কৰি থকাত বন বিভাগৰ লোকক খবৰ দিয়া হয়।
ঘটনাৰ কিছু সময় পিছত গাহৰিটোক ট্ৰেংকুলাইজ কৰি ধৰিবলৈ সক্ষম হয় যদিও খাৰুপেটীয়া পশু চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে। উল্লেখ্য, বনৰীয়া গাহৰিটো দেখি ৰাইজে লাঠী–যোং লৈ আক্ৰমণ কৰাত বেছি উত্তেজিত হৈ পৰিছিল।
Tags:
National