ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ শিৱাংগী শৰ্মাই অৰ্জন কৰিলে স্বৰ্ণপদক


 

নেচনেল গেমচত অসমৰ শিৱাংগী শৰ্মাই অৰ্জন কৰিলে স্বৰ্ণপদক। মহিলাৰ ১০০ মিটাৰ ফ্ৰিষ্টাইলত শিৱাংগীয়ে শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰি এই পদক লাভ কৰে।


উল্লেখ্য, ৰাষ্ট্ৰীয় ক্ৰীড়াখনত আজি অসমৰ খেলুৱৈয়ে আন এক সফলতা অৰ্জন কৰে।
চাইক্লিং ৰোড ৰেচত চয়নিকা গগৈয়ে লাভ কৰে পদক। চয়নিকাই ৰূপৰ পদক লাভ কৰে।
সম্প্ৰতি অসমৰ স্বৰ্ণপদকৰ সংখ্যা ৭লৈ বৃদ্ধি হৈছে। অসমে এইপৰ্যন্ত লাভ কৰিছে ৭টা স্বৰ্ণ, ৮টা ৰূপ আৰু ৫টা ব্ৰঞ্জ। পদক তালিকাত দেশৰ ভিতৰত চৈধ্য নং স্থানত আছে অসম।

Post a Comment

Previous Post Next Post