'শ্বেৰশ্বাহ' খ্যাত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ বলিউডত ১০ বছৰ সম্পূৰ্ণ


 

'শ্বেৰশ্বাহ'খ্যাত জনপ্ৰিয়তা অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই বলিউড জগতত সম্পূৰ্ণ কৰিলে দহটা বছৰ। আজিৰ দহ বছৰ আগতে নৱাগত আলিয়া ভাট আৰু বৰুণ ধাৱানৰ সৈতে কৰণ জোহৰৰ পৰিচালিত 'ষ্টুডেণ্ট অৱ দা ইয়েৰ'ৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল।

এই উপলক্ষে অভিনেতাজনে নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ জীৱনৰ স্মৰণীয় মুহূৰ্তটো উদযাপন কৰাৰ সময়ত এটা হৃদয়স্পৰ্শী ভিডিঅ' শ্বেয়াৰ কৰিছিল। ভিডিঅ'টোৰ লগতে সিদ্ধাৰ্থে এটা সৰু কৃতজ্ঞতা টোকাও লিখিছিল, য'ত লিখা আছিল, "হিন্দী চিনেমাত মোৰ যাত্ৰাই আজি এটা দশক সম্পূৰ্ণ কৰিলে। মই মোৰ অনুৰাগীসকলৰ পৰা পোৱা সকলো মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞ যিসকলে গোটেই বছৰ বছৰ ধৰি মোৰ বাবে গুৰুত্ব দি আহিছে।"

তেওঁ লগতে কয়," ষ্টুডেণ্ট অৱ দা ইয়েৰৰ পৰা থেংক গডলৈকে এইটো এটা আনন্দদায়ক যাত্ৰা। কৰণ জোহৰক মোক মোৰ প্ৰতিভা দেখুৱাবলৈ সুযোগ দিয়াৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে মোৰ ওপৰত বিশ্বাস কৰাৰ বাবে ধন্যবাদ। মোৰ প্ৰথম সহ-তাৰকা বৰুণ ধাৱান আৰু আলিয়া ভাটলৈ ডাঙৰ আলিঙ্গন। সকলোৰে প্ৰতি ডাঙৰ মৰম আৰু সন্মান।"
সকলোলৈ মৰম প্ৰেৰণ কৰি সিদ্ধাৰ্থে তেওঁৰ ওপৰত হোৱা অপৰিসীম মৰমৰ বাবে অতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এতিয়া তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ থেংক গডৰ বাবে প্ৰচাৰত ব্যস্ত হৈছে অজয় দেৱগন আৰু ৰকুল প্ৰীত সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

Post a Comment

Previous Post Next Post