ক্ৰমাৎ সুস্থ হৈ উঠিছে বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে সুদক্ষিণা শৰ্মা। ICUৰ পৰা আজি পেয়িং কেবিনলৈ স্থানান্তৰ কৰা হ’ব শিল্পীগৰাকীক। ICUৰ ভিতৰতে চিকিৎসক–নাৰ্চৰ সন্মুখতে গীত গাই শুনালে সুদক্ষিণা শৰ্মাই।
আনহাতে, GMCHৰ ICUত চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাও ক্ৰমাৎ সুস্থ হৈ উঠিছে। নীলপৱন বৰুৱাকো অতি শীঘ্ৰে স্থানান্তৰ কৰা হ’ব।
আনহাতে, আজি শিল্পী সুদক্ষিণা শৰ্মা আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ খবৰ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুয়োগৰাকী শিল্পীৰে আশু আৰোগ্যৰ কামনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিছে দুয়োগৰাকী শিল্পীয়ে।