আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ জন্মজয়ন্তী। এই উপলক্ষে ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে কাৰ্যসূচীৰ। কংগ্ৰেছৰ নেতা–কৰ্মী, বিধায়ক, সাংসদসকলে স্মৰণ কৰে তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শকীয়াৰ লগতে কেইবাজনো বিধায়ক।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, ‘‘শাসক পক্ষত থাকিলে নিজৰ ভুলটো দেখুৱাই নিদিয়ে। কিন্তু তৰুণ গগৈ থকাৰ সময়ত শাসক পক্ষৰ ভুলটো দেখুৱাই দিছিল।’’
ইফালে, কমলাক্ষ দে পুৰকায়স্থই কয়, মৃত্যুৰ পিছতো তৰুণ গগৈ আমাৰ মাজত জীয়াই আছে। তেওঁৰ আদর্শৰে আমি সদায় আগবাঢ়ি যাম।
এই অনুষ্ঠানত তৰুণ গগৈৰ পুত্ৰ সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘তৰুণ গগৈয়ে অসমৰ সমাজত একতা বিচাৰিছিল। শান্তি–ঐক্য তেওঁ সদায় বিচাৰিছিল। সকলো জনগোষ্ঠীৰ মাজত একতা বিচাৰিছিল তৰুণ গগৈয়ে। উত্তৰ–পূবৰ মাজত পাৰ্থক্য দূৰ কৰাৰ সকলো চেষ্টা কৰিছিল। এই একতাৰ মনোভাৱ আমি অনাগত দিনত ধৰি ৰাখিব লাগিব। কংগ্ৰেছ দলত সকলো ধৰ্মৰ স্থান আছে। নতুন অসম গঢ়াৰ কল্পনা কৰিছিল তৰুণ গগৈয়ে। তৰুণ গগৈ মানুহৰ মুখ্যমন্ত্ৰী আছিল। জীৱনৰ অন্তিম সময়তো ৰাইজৰ নেতা হিচাপে স্বীকৃতি পাইছিল।’’