কাইলৈ ঘোষণা কৰিব ৰাজ্যৰ বহু চৰ্চিত নিযুক্তি পৰীক্ষাৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল। ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত কৰিছিল এই নিযুক্তি পৰীক্ষা।
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰে। টুইটযোগে মুখ্যমন্ত্ৰীয়ে জনাই যে ৪ৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ১৮ অক্টোবৰত ঘোষণা কৰা হ'ব।
উল্লেখ্য, ৪৮টা বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত এই পৰীক্ষাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰৰো অধিক পদৰ বাবে পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলক লৈ এতিয়া ৰাজ্যৰ পৰীক্ষাৰ্থীসকলৰ মাজত পৰিলক্ষিত হৈছে উৎকণ্ঠা।