উৎকট গৰমত এগিলাচ কুঁহিয়াৰৰ ৰস বুলিলে না কৰা মানুহ হয়তো খুব কমেই ওলাব। কাৰণ কুঁহিয়াৰৰ ৰসে গৰমৰ গা মন শীতল কৰাৰ উপৰিও জণ্ডিচকে আদি কৰি আন বহু ৰোগত আক্ৰান্ত সকলৰ বাবে ই এক মহৌষধ। কিন্তু গ্ৰাহকৰ চাহিদা অনুসৰি নামনি অসমত কুঁহিয়াৰৰ খেতিৰ হাৰ তেনেই নগন্য আছিল। ফলত বহিঃৰাজ্যৰ পৰা অহা কুঁহিয়াৰেৰে চাহিদা পূৰণ কৰা হৈছিল। কিন্তু সম্প্ৰতি বিটিআৰৰ কোকৰাঝাৰ জিলাৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে কুঁহিয়াৰ খেতিৰে কঢ়িয়াই আনিছে আশাৰ বতৰা।
উল্লেখযোগ্য যে, যি সময়ত চৰকাৰী চাকৰিৰ বাবে ৰাজ্যখনৰ লাখ লাখ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে তেনে এক সময়তে এই বৃহত্তৰ অঞ্চলৰ জনগণে দাঙি ধৰিছে স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন। কুঁহিয়াৰ খেতিৰে নীৰৱ কৃষি বিপ্লৱ গঢ়ি তুলাই নহয় আন কৃষকসকলৰ বাবেও উৎসাহ, অনুপ্ৰেৰণাৰ পথ দেখুওৱা উক্ত বৃহত্তৰ অঞ্চলটো হৈছে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত প্ৰতাপখাতা অঞ্চল। এই অঞ্চলৰ কৃষিজীৱী ৰাইজৰ আকুন্ঠ প্ৰচেষ্টাত বিঘাই বিঘাই কৰা হৈছে কুঁহিয়াৰৰ খেতি। স্থানীয় কৃষক সকলে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে কুঁহিয়াৰ খেতি কৰিবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন। বিশেষকৈ প্ৰতিজোপা গছৰ প্ৰতিপালন কৰোঁতে বহু সময় দিবলগীয়া হয়। কিন্তু তেওঁলোক হাৰ মনা নাই আৰু নিৰৱচ্ছিন্নভাৱে কষ্ট কৰি গৈছে। কাৰণ শ্ৰম,ঔষধ-পাতি আদি সকলোবোৰ খা-খৰচ বাদ দিও প্ৰতি বিঘা কুঁহিয়াৰ খেতিৰ পৰা একৰ পৰা ডেৰ লাখ টকা লাভৰ মুখ দেখিবলৈ সক্ষম হয়। যাৰ বাবে খেতি কৰা সময়ত হোৱা সকলো দুখ-কষ্টবোৰ পাহৰি পুনৰ কুঁহিয়াৰ খেতিত মন পুঁতি লাগে।
মন কৰিবলগীয়া কথাটো হৈছে প্ৰথমতে একাংশ কৃষকেহে কুঁহিয়াৰৰ খেতি কৰিছিল যদিও ইতিমধ্যে বৃহত্তৰ প্ৰতাপখাটা অঞ্চলৰ প্ৰতিগৰাকী কৃষকে কুঁহিয়াৰ খেতিৰে স্বাৱলম্বী হৈ আত্মনিৰ্ভৰশীলতাৰ পথ বাচিলৈ অৰ্থনৈতিকভাৱে উন্নয়নৰ পথ মোকলাই লৈছে। আনহাতে, একাংশই চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ পালে তেওঁলোক আৰু বহুল ভিত্তিত কুঁহিয়াৰ খেতি কৰিবলৈ সক্ষম হলহেঁতেন বুলি মন্তব্য কৰিছে।