ৰাছিয়াৰ যুদ্ধৰ প্ৰতীক হৈ পৰিছে Z, ইয়াৰ অৰ্থ বিচাৰি হাহাকাৰ কৰিছে বিশ্বই, কিন্তু কিয়

 


ইউক্ৰেইনত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ বিশ্ববাসীৰ বাবে নতুন আতংক হৈ দেখা দিছে। বিগত এপষেক মানুহে ভালদৰে টোপনি যোৱা নাই। সকলো টিভিৰ সন্মুখত বা সকলোৰে দৃষ্টি িৱদ্ধত মোবাইলৰ স্ক্ৰীণত। সকলোৱে বিচাৰিছে এই যুদ্ধ ইমানতে শেষ হওক...কিন্তু এই যুদ্ধৰ মাজতে এটা সাধাৰণ আখৰে বিশ্বৰ জনতাক বিবুদ্ধিত পেলাইছে। সেইটো হৈছে ইংৰাজী বৰ্ণমালাৰ অন্তিমটো বৰ্ণ Z.


Z বৰ্ণটো হৈ পৰিছে ৰাছিয়াৰ যুদ্ধৰ প্ৰতীক। ইউক্ৰেইনত আক্ৰমণ (Ukraine Russia War) কৰিবলৈ যোৱা ৰাছিয়াৰ টেংক, যুদ্ধ বাহন, ছাইনবোৰ্ডকে ধৰি প্ৰায় সকলোতে Z বৰ্ণটো লিখা থকা কথাটোৱে সকলোকে কৌতুহলী কৰি তুলিছে। ৰাছিয়াৰ খেলুৱৈয়েও শেহতীয়াকৈ Z লিখা জাৰ্ছী পিন্ধি বিতৰ্কত সোমাই পৰিছে। পিছে এই Zৰ অথ কি। ৰাছিয়াই কিয় যুদ্ধত (Ukraine Russia War) এইটো ব্যৱহাৰ কৰিছে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ প্ৰতিনিধিয়েও Z বৰ্ণটোক লৈ মন্তব্য কৰিছে। ৰাছিয়াই যুদ্ধৰ সময়ত Z বৰ্ণটোক সংকেত হিটাপে ব্যৱহাৰক ৰাৰ কেইবাটাও কাৰণ থাকিব পাৰে।

Z মানে ৰাছিয়ান ভাষাত 'ZA POBDEY' মানে 'FOR VICTORY', এক কথাত বিজয়ৰ চিন।

আন এক বিশ্বাস মতে Z মানে 'ZAPAD' মানে 'WEST'. ই পশ্চিমীয়া দেশবোৰক বুজাইছে।

Z মানে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি VOLODYMYR 'ZELENSKY' বুলিও বহুতে ক'ব বিচাৰে।

Z সংকেটটো নাজী জাৰ্মানীৰ (NAZI GERMANY) ঠাই HAKENKREUZৰ পৰা লোৱা হৈছে বুলি দাবী কৰে ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ওলেক্সী ৰেজনিকোভে। HAKENKREUZ নামৰ ঠাইখনত নাজী বাহিনীয়ে লাখ লাখ ঈহুদী লোকক নিধন কৰিছিল।

আনহাতে ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ প্ৰতিনিধিৰ মতে Z বৰ্ণটোৱে ৰুছ ভাষাত 'ZVERI' OR 'ANIMALS'ক অৰ্থাত পশু বা জন্তুক বুজায়। ইয়াৰ দ্বাৰা ৰাছিয়াই ইউক্ৰেইনক আৰু ইয়াৰ জনতাক জন্তু বুলি ক'ব বিচাৰিছে বুলি দাবী কৰে কূচনীতিবিদজনে।

অলপতে এগৰাকী ৰাছিয়ান এথলীটেও নিজৰ জাৰ্ছীত লিখি লৈছিল Z. যাৰ বাবে ইণ্টাৰনেচনেল জীমনাষ্টিক ফেডাৰেচনে ৰাছিয়াক বয়কট কৰাৰ দৰে প্ৰস্তাবো গ্ৰহণ কৰিছে।

পিছে Z সংকেতৰ ব্যৱহাৰক লৈ নিৰ্দিষ্টকৈ একো জনা হোৱা নাই। এই যুদ্ধত Z বৰ্ণৰ উপৰি বিভিন্ন ঠাইত ৰাছিয়ান সেনাই ত্ৰিভূজ, দুডাল আঁচৰ চিন, বগা বৃত্ত আৰু ৰঙা বৃত্তত পূৰণ চিন থকা বিভিন্ন সংকেত চিহ্নও ব্যৱহাৰ কৰিছে। এই দিশৰ পৰা চালে এয়া ৰাছিয়াৰ এক যুদ্ধ কৌশল বুলিও বহুতে কৈছে। আনহাতে ভিন ভিন চিন ভিন ভিন ইউনিটৰ বাবেও দিয়া হ'ব পাৰে আৰু ইয়াৰ পৰা এইটোও জানিব পৰা যায় যে কোন কোনটো ইউনিটৰ পৰা আহিছে বা ক' পৰা আহিছে।

Post a Comment

Previous Post Next Post