কংগ্ৰেছ প্ৰাৰ্থী তথা মিছ বিকিনী য়ুনিভাৰ্ছ ইণ্ডিয়াই উত্তৰপ্ৰদেশ নিৰ্বাচনত লাভ কৰিলে মাত্ৰ ১৫১৯ টা ভোট

 


২০১৮ চনৰ মিছ বিকিনী য়ুনিভাৰ্ছ ইণ্ডিয়াৰ খিতাপ অৰ্জনকাৰী অৰ্চনা গৌতমে সদ্য ঘোষিত উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মাত্ৰ ১৫১৯ টা ভোট লাভ কৰিবলৈ সক্ষম হয়।

কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত অৰ্চনা গৌতমে হস্তীনাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী দিনেশ বিজয়ী হয়। বিজেপি প্ৰাৰ্থী দিনেশে ১,০৭,৫৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী যোগেশ বাৰ্মাই ১,০০,২৭৫ টা ভোট লাভ কৰে।

অৰ্চনা গৌতমে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ১৫১৯ টা ভোট কৰাৰ পাছত উত্তৰপ্ৰদেশৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, উত্তৰপ্ৰদেশৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অতি হতাশজনক প্ৰদৰ্শন দাঙি ধৰি মাত্ৰ ২ খন আসনতহে বিজয়ী হয়।

৪০৩ খন আসন বিশিষ্ট উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মুঠ ২৫৫ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰলৈ ৰাজ্যখনৰ ক্ষমতা নিজৰ দখলত ৰাখিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post