নগাঁও জিলাৰ কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত এটা বনৰীয়া হাতীৰ বিদ্যুৎপৃষ্ট হৈ শোকাৱহ মৃত্যু হয়।
বৃহস্পতিবাৰে পুৱতি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীটোৰ এটা উন্মুক্ত বিদ্যুতৰ ট্ৰেঞ্চফৰ্মাৰত লাগি থিতাতে মৃত্যু হয়।
বিদ্যুতৰ ট্ৰেঞ্চফৰ্মাৰটো বহু তলত আৰু উন্মুক্তভাৱে স্থাপন কৰাৰ ফলতে বনৰীয়া হাতীটোৰ ট্ৰেঞ্চফৰ্মাৰত লাগি কৰুণ মৃত্যু হয়।
ইপিনে, বনৰীয়া হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰাৰ পাছতে ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ হাতীটোৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
স্থানীয় লোক সকলে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এনেদৰে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীটো মৃত্যু মুখত পৰিবলগীয়া হ’ল বুলি উল্লেখ কৰে।
হাতীটোৰ মৃত্যুৰ পাছতে স্থানীয় লোক সকলে ভবিষ্যতে যাতে এনেধৰণৰ দুৰ্ঘটনা পুনৰ সংঘটিত হ’ব নোৱাৰে তাৰবাবে ব্যাৱস্থা গ্ৰহণৰ বাবে বিদ্যুত বিভাগক দাবী জনায়।