গাহৰিৰ হৃদপিণ্ড লৈ দুমাহ জীয়াই থাকিল ডেভিদ বেনেট, ৮ মাৰ্চত মৃত্যু

 


দুমাহ পূৰ্বে সফলতাৰে শৰীৰত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা লোকজনৰ অৱশেষত মৃত্যু হ’ল। ৭ জানুৱাৰীত বিশ্বত প্ৰথমবাৰৰ বাবে সফলতাৰে এই লোকজনৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদপিণ্ড। ডেভিদ বেনেট নামৰ সেই লোকজনৰ ৮ মাৰ্চৰ নিশা মৃত্যু হয়।


আমেৰিকাৰ ইউনিভাৰ্ছিটী অব মেৰীলেন স্কুল অব মেডিচিনত লোকজনৰ দেহত সংৰোপণ কৰা হৈছিল গাহৰিৰ হৃদপিণ্ড। ৮ মাৰ্চত ইউনিভাৰ্ছিটী অব মেৰীলেণ্ড মেডিকেল চেণ্টাৰত বেনেটৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৫৭ বছৰীয়া এই লোকজনৰ দেহত গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰা সংবাদে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল।

Post a Comment

Previous Post Next Post