ভাৰতীয়সকলৰ উপৰিও ভাৰতৰ সীমান্তৱৰ্তী বাংলাদেশ, নেপাল আৰু Tunisiaৰ নাগৰিকসকলকো ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি ভাৰত চৰকাৰে দাঙি ধৰিছে মানৱতাৰ নিৰ্দশন। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা বাংলাদেশী নাগৰিকসকলক উদ্ধাৰ কৰাৰ বাবে শ্বেখ হাছিনাই এইবাৰ ধন্যবাদ জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰে অপাৰেচন গংগা আৰম্ভ কৰিছে৷ এই উদ্ধাৰ অভিযানত ভাৰতে ভাৰতীয়সকলৰ লগতে বাংলাদেশ, নেপাল আৰু টিউনিছিয়াৰ নাগৰিকসকলকো উদ্ধাৰ কৰিছে ৷ ইয়াৰ উপৰিও এজন পাকিস্তানী নাগৰিককো ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি ভাৰতীয় বিষয়াসকলে সুৰক্ষিতভাৱে উলিয়াই আনিছে৷
ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা ভাৰত চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। কিন্তু ইউক্ৰেইনৰ উত্তৰ-পূব অংশৰ চুমিট চহৰত আৱদ্ধ হৈ থকা প্ৰায় ৭০০ শিক্ষাৰ্থীক উদ্ধাৰ কৰিবলৈ ভাৰতে বিশেষ পদক্ষেপ লবলগীয়া হৈছিল। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়া আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ হৈছে বাৰ্তালাপত মিলিত হৈছিল। আৰু তাৰ পিছত ৰাছিয়াই মঙলবাৰে ভাৰতীয় সময় মতে দুপৰীয়া ১২.৩০ বজাৰ পৰা যুদ্ধবিৰতি ঘোষণা কৰে ৷
চুমিসহ ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ লগতে আন দেশৰ নাগৰিকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ এক মানৱ কৰিডৰ ঘোষণা কৰা হয় ৷ এতিয়ালৈকে ইউক্ৰেইনত আৱদ্ধ হৈ থকা ১৮,০০০ ভাৰতীয়ক বিশেষ বিমানেৰে স্বদেশলৈ অনা হৈছে ৷ এই উদ্ধাৰ অভিযান ২২ ফেব্ৰুৱাৰী পৰা আৰম্ভ হৈছিল। আৰু ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত এক যুদ্ধকালীন পৰিস্থিতিত সৃষ্টি হয়।