আজি পাঁচখন ৰাজ্যত অলপতে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। পঞ্জাৱত এইবাৰ আম আদমী পাৰ্টিয়ে দৰ্শনীয় সফলতা অৰ্জন কৰাৰ বিপৰীতে বাকী গোৱা, উত্তৰপ্ৰদেশ, মণিপুৰ আৰু উত্তৰাখণ্ডত বিজেপিয়ে ক্ষমতা নিজৰ দখলত ৰখাৰ স্থিতিত অগ্ৰসৰ হৈছে।
পঞ্জাৱ বিধানসভা নিৰ্বাচনত এইবাৰ বহু জ্যেষ্ঠ ৰথী-মহাৰথী পৰাস্ত হৈছে। পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি আকালী দলৰ নেতা তথা পঞ্জাৱৰ পাঁচবাৰৰ মুখ্য মন্ত্ৰী প্ৰকাশ সিং বাদলে এইবাৰ নিৰ্বাচনত পৰাজয়ৰ মুখ দেখিছে।
প্ৰকাশ সিং বাদলক আম আদমী পাৰ্টিৰ প্ৰতিদ্বন্দ্বি গুৰমীত সিঙ খুদিয়ানে লাম্বি সমষ্টিত পৰাস্ত কৰে।
৯৪ বছৰীয়া প্ৰকাশ সিং বাদল ১৯৬৯ চনৰ পৰা পঞ্জাৱ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱা নাছিল। পঞ্জাৱ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰকাশ সিং বাদল সকলোতকৈ জ্যেষ্ঠ প্ৰতিদ্বিন্দ্বি আছিল।
পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে সফলতা অৰ্জন কৰাৰ পাছতে প্ৰকাশ সিং বাদলৰ পুত্ৰ সুখবীৰ সিং বাদলে আম আদমী পাৰ্টিক অভিনন্দন জ্ঞাপন কৰে।