Network18ৰে হোৱা সাক্ষাৎকাৰত বিত্তমন্ত্ৰী সীতাৰমণৰ দাবী- ''মই নিশ্চিত কৰিছোঁ যে ভাৰতীয় অৰ্থনীতি সমস্যাৰ পৰা ওলাই আহিছে''

 


বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে  ২০২২-২৩ বৰ্ষৰ বাজেট কালি দাখিলৰ পিছতে বুধবাৰে নেটৱৰ্ক১৮ৰ (Network18) এডিটৰ-ইন-চীফ ৰাহুল যোশীৰ সৈতে এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে । সন্ধিয়া ৫.৩০ বজাত সম্প্ৰচাৰিত এই সাক্ষাৎকাৰত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট সম্পৰ্কেও বহুকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। সাক্ষাৎকাৰত বিত্তমন্ত্ৰীৰ সৈতে সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে বাজেটৰ গুৰুত্বৰ বিষয়ে জানিবলৈ চেষ্টা কৰা হয় । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে আশ্বাস দিছিল যে পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ শতাংশ জিডিপি বৃদ্ধিৰ লক্ষ্য প্ৰাপ্ত কৰিব। কথোপকথনত বিত্তমন্ত্ৰীগৰাকীয়ে কয়- যদি সকলোবোৰ এতিয়া চলি থকাৰ দৰে চলি থাকে, আৰু চৰকাৰৰ সমৰ্থনত সকলো খণ্ড পুনৰুজ্জীৱিত হয়, তেন্তে ৮ শতাংশ বৃদ্ধি প্ৰাপ্ত কৰিব পাৰি।"


তেওঁ লগতে  আশা কৰে যে ৰাজহ লক্ষ্যতকৈ অধিক হ'ব। তেওঁ এই প্ৰসংগত কয় যে ৰক্ষণশীল হোৱাটো ভুল নহয়। ৰক্ষণশীল হোৱাটোও বিত্তৰ ক্ষেত্ৰত দায়বদ্ধতাই।

আনহাতে বাজেটক লৈ একাংশ সমালোচকে তেওঁক ৰিস্ক লোৱা বুলি প্ৰকাশ কৰা প্ৰসংগত কয়-"মই জানি আনন্দিত যে মোক ৰিস্ক লোৱা বুলি কোৱা হয়। কিন্তু মই নিশ্চিত কৰিছোঁ যে ভাৰতীয় অৰ্থনীতি সমস্যাৰ পৰা ওলাই আহিছে।''

আনহাতে বিনিয়োগকাৰী, উপভোক্তা আৰু কৰদাতাসকলৰ বাবে এই বাজেটৰ কিয় বিশেষ সেই সম্পৰ্কে তেওঁ কয় - "আমি এই বাজেটৰ প্ৰাৰম্ভিক পৰ্যায়ত আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰী বিনিয়োগৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছোঁ আৰু চৰকাৰে মূলধন ব্যয় অব্যাহত ৰখা উচিত। আমি যোৱা বছৰো ভাল বিকাশ অৰ্জন কৰিছো।''

ইয়াৰ উপৰি বিত্তমন্ত্ৰীয়ে বাজেটে ভাৰতৰ অৰ্থনীতিক কেনেদৰে আগুৱাই নিব সেই বিষয়ত উল্লেখ কৰে- ''চৰকাৰে ৰাজ্যসমূহক তেওঁলোকৰ আন্তঃগাঁথনি ব্যয়ত আগবাঢ়ি যোৱাত সহায় কৰিব বিচাৰে। গতিকে আৰম্ভণিৰ পৰাই, মই ভাবোঁ প্ৰধানমন্ত্ৰীৰ মনত স্পষ্টতা আছে, কিয়নো আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত ৰাজহুৱা ব্যয়ৰ জৰিয়তেহে বিকাশ নিশ্চিত কৰা উচিত।"

Post a Comment

Previous Post Next Post