‘দেশপ্ৰেমী শচীনে’ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল আসাদুদ্দিন ওৱেইছিক ! আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত…

 

কোনে আৰু কিয় আসাদুদ্দিন ওৱেইছিৰ বাহনলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল? হত্যা কৰিব বিচৰা হৈছিল নেকি এ আই এম আই এমৰ মুৰব্বী আসাদুদ্দিন ওৱেইছিক? এই প্ৰশ্নই এতিয়া সকলোৰে মুখে মুখে। বৃহস্পতিবাৰে সন্ধিয়া আসাদুদ্দিন ওৱেইছিৰ বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই ৪ ৰাউণ্ডন গুলী চলাইছিল। ইয়াৰে দুটা গুলী ওৱেইছিৰ বাহনৰ তলৰ অংশত লাগিছিল। সৌভাগ্যক্ৰমে এই গুলী চালনাৰ ঘটনাত ওৱেইছিৰ লগতে তেওঁৰ দেহৰক্ষীকে ধৰি সকলো সুৰক্ষিত অৱস্থাত থাকে। এই ঘটনাৰ পিছতে ওৱেইছিয়ে তেওঁৰ বাহনৰ এখন ফটো টুইটাৰত আপলোড কৰিছে আৰু ঘটনাৰ বিৱৰণ দাঙি ধৰিছে।

এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে এজন আক্ৰমণকাৰীৰ নাম শচীন বুলি জানিব পৰা গৈছে। এইগৰাকী শচীনৰ ঘৰ গ্ৰেটাৰ নয়ডাস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী মায়াৱতীৰ গাওঁ বাদলপুৰৰ বাসিন্দা।


আনহাতে আনজন আক্ৰমণকাৰী শুভম। ওৱেইছিক আক্ৰমণ কৰাৰ পিছতে শুভম পলাই গৈছিল আৰু তেওঁক গাজিয়াবাদ জিলাৰ চিহানি গেট আৰক্ষী থানা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মন কৰিবলগীয়া যে এইগৰাকী শুভম বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে অতি ঘনিষ্ঠ। তেওঁ বহু শীৰ্ষ বিজেপি নেতাৰ সৈতে অতি ঘনিষ্ঠ মুহূৰ্ত সমাজিক মাধ্যমত প্ৰচাৰ কৰিছে। শুভমৰ ফেচবুক প্ৰফাইলত নিজকে এজন দেশপ্ৰেমী শচীন হিন্দু বুলি উল্লেখ কৰিছে।


উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া মিৰাট জিলাৰ কিথোৰ অঞ্চলত এখন সভা অনুষ্ঠিত কৰি ওৱেইছি হাপুৰ-গাজিয়াবাদ হৈ দিল্লীলৈ গৈ আছিল। হাপুৰৰ পিলখুয়া অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছিজাৰচি টোল প্লাজাৰ মাজেৰে তেওঁৰ কনভয় পাৰ হৈ যাওঁতে দুজন যুৱকে ওৱাইছিৰ কনভয়ত পিষ্টলৰে গুলী চালনা কৰে। এই ক্ষেত্ৰত, এ ডি জি প্ৰশান্ত কুমাৰে কয় যে, ওৱাইছিৰ কনভয়ত আক্ৰমণৰ খবৰ পোৱাৰ পিছতে সেই স্থানৰ ভিডিঅ’ ফুটেজ উলিয়াই অনা হৈছে। ঘটনাস্থলীৰ পৰা এজনক আটক কৰা হৈছে।

বৰ্তমানলৈকে এই আক্ৰমণৰ কাৰণ কি সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও আৰক্ষী সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি আসাদুদ্দিন ওৱেইছিৰ ভাষণে আক্ৰমণকাৰীক ক্ষোভিত কৰি আহিছিল। যাৰ বাবে তেওঁলোকে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে। অৱশ্যে আৰক্ষীয়ে এতিয়াও এই ঘটনাৰ আঁৰৰ কাৰণ কি সেইয়া আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই। আৰক্ষীয়ে গোটেই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাৰ সৈতে কোনো সংগঠন বা দল জড়িত আছে নেকি সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post