ঠিকাভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কৰ্মচাৰীৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট…

ৰাজ্যখনৰ লগতে দৰং জিলাৰ অন্তৰ্গত মুঠ ৬টা  উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে নাৰ্য্য প্ৰাপ্য বিচাৰি নিজ নিজ উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰাঙ্গনত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিছে নিৰন্তৰ কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট । সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে  দৰং জিলাৰ উন্নয়ন খণ্ডৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলেও এই নাৰ্য্য প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনত ব্ৰতী হৈ আহিছে। ঠিকাভিত্তিক গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে মঙলবাৰৰ পৰা শুকুৰবাৰ পৰ্যন্ত চাৰি দিন ধৰি অব্যাহত ৰখা জীৱন জীৱিকাৰ অধিকাৰ বিচৰা গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ ফলত উন্নয়ন খণ্ডৰ স্বাভাৱিক কাম-কাজত ব্যাপক বাধাগ্ৰস্ততা আহি পৰিছে ।


পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহু গুৰুত্বপূৰ্ণ  দৈনিক সেৱা অব্যাহত ৰখাত আহি পৰিছে ব্যাপক প্ৰতিবন্ধকতা।  কাৰ্যতঃ অচল হৈ আছে উন্নয়ন খণ্ডৰ বিগত ৪ দিন ধৰি। শুকুৰবাৰেও দৰং জিলাৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিবাদী কৰ্মচাৰীসকলে হাতত প্লে’ কাৰ্ড লৈ, প্ৰাপ্য অধিকাৰ অচিৰেই প্ৰদানৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাই ধাৰাবাহিক কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তাৎক্ষণিক ইতিবাচক পদক্ষেপৰ অবিহনে প্ৰাৰম্ভিক পৰ্য্যায়ত অহা ৭ ফেব্ৰুৱাৰী পৰ্যন্ত এই ঐক্যবদ্ধ প্ৰতিবাদী কাৰ্যসূচী চলিব বুলি প্ৰতিবাদকাৰী সকলে কয়।

উল্লেখ্য যে, চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰা, চৰকাৰী কৰ্মচাৰীয়ে ভোগ কৰা সকলো সা-সুবিধা ঠিকাভিত্তিক কৰ্মচাৰী সকলকো প্ৰদান কৰা, বিভাগীয় খালি পদত যোগ্যতা অনুসৰি বাচনি পৰীক্ষা পাতি স্থায়ী নিযুক্তি প্ৰদান কৰা , সম কামৰ সম বেতন নীতি প্ৰৱৰ্তন কৰা, আৰ অ’ পি অনুসৰি বেতন প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত ৰাজ্য জুৰি অব্যাহত থকা এই সামূহিক প্ৰতিবাদৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই এতিয়াও গুৰুত্ব প্ৰদান কৰা নাই। নিষ্ঠাবান কৰ্মচাৰীসকলে এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপৰ দাবী জনাইছে।

Post a Comment

Previous Post Next Post