উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বতাহ এতিয়া গৰম। ৰাজ্যখনত সকলো ফালে এতিয়া নিৰ্বাচনৰ বাবে নেতাসকলো ব্যস্ত নিজৰ নিজৰ প্ৰচাৰ অভিযানত। তাৰে মাজত কালি ৩ ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হয় এক গুলিচালনাৰ ঘটনা।
অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমিন (AIMIM)ৰ অধ্যক্ষ তথা দেশৰ এগৰাকী অন্যতম নেতা আছাদুদ্দিন ওৱেছিক লক্ষ্য কৰি ৪ জাই গুলি কৰে আততায়ীয়ে। যি ঘটনাক লৈ কেৱল উত্তৰ প্ৰদেশতেই নহয় সমগ্ৰ দেশতেই তোলপাৰ লাগি গৈছিল। কিন্তু সেই গুলি সৌভাগ্যক্ৰমে কেৱল বাহনত হে লাগিছিল।
আততায়ীৰ গুলিত ফুটা গৈছিল বাহন আৰু লগতে ফুটি গৈছিল চকাও। আঘাট নোপোৱাকৈ ৰক্ষা পৰে ওৱেছি। বাইকত অহা কেইবাজনো যুৱকে ওৱেছিৰ বাহনক লক্ষ্য কৰি গুলি চলাইছিল।
কিন্তু তাৰেই মাজৰ দুজন ইতিমধ্যে আৰক্ষীৰ জালত। এজনে নিজেই আৰক্ষীৰ হাতত আত্মসমৰ্পন কৰাৰ বিপৰীতে আন এজন আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় । সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছিল ৰাজপথত থকা চিচি টিভি কেমেৰাত।
সেই চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যৰ পৰাই দুজন আততায়ীৰ পৰিচয় উদ্ধাৰ হয়। এজনে চকা ফুটা নিয়ন্ত্ৰণহীন বাহনৰ আগত পৰি চুচৰি পৰি যোৱা দৃশ্য বন্দী হৈছিল কেমেৰাত। আন এজনে বাহনক লক্ষ্য কৰি গুলি কৰা দৃশ্য বন্দী হৈছিল কেমেৰাত।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বিগত কেইবাদিনো ধৰি ওৱেছিল পিছা কৰি আছিল দুয়ো দুৰ্বৃত্তই। আনকি কালিৰ শেষৰখন প্ৰচাৰ অনুষ্ঠানতো উপস্থিত আছিল আক্ৰমণকাৰী দুজন। দুয়োৰে পৰা দুটা দেশত নিৰ্মাণ কৰা পিষ্টলো জব্দ কৰিছে আৰক্ষীয়ে।
আনহাতে অন্য আততায়ীকো গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ৫ টা বিশেষ দল গঠন কৰিছে। সোধপোচৰ পাছত আৰক্ষীয়ে ইয়াকো জানিবলৈ দিয়ে যে, দুয়ো ওৱেছিৰ ভাষণৰ ওপৰত অসন্তুষ্ট আছিল। দুয়ো যুৱক হিন্দু গোড়ামি। বহু দিনৰ পৰাই ওৱেছিক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল যুৱক কেইজনে।