আম্বানীক চেৰ পেলাই আদানী হ’ল এছিয়াৰ ধনাঢ্য ব্যক্তি, বিশ্বৰ তালিকাত দশম স্থানত

 


ভাৰতীয় ব্যৱসায়ী গৌতম আদানীয়ে মুকেশ আম্বানীক অতিক্ৰম কৰি ৯০.১ বিলিয়ন ডলাৰৰ সৈতে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। তদুপৰি আদানী বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত দশম স্থানলৈ অগ্ৰসৰ হৈছে।

ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ মূল্য ৮৯.৪ বিলিয়ন ডলাৰ। ইয়াৰ পূৰ্বে আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আছিল।

আদানীয়ে কেৱল আম্বানীকেই নহয় মেটাৰ মাৰ্ক জুকাৰবাৰ্গকো অতিক্ৰম কৰিছে।

আনহাতে, বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰথম স্থান দখল কৰি আছে এলন মাস্কে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ২৩২.৩ বিলিয়ন ডলাৰ।

ফৰ্বছৰ মতে, মুকেশ আম্বানীৰ সম্পত্তি যোৱা এদিনত ২.২ বিলিয়ন ডলাৰ হ্ৰাস পাইছে আৰু ইয়াৰ ফলত তেওঁৰ মুঠ সম্পত্তি ৮৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পায়।

একে সময়তে, যোৱা ২৪ ঘণ্টাত, গৌতম আদানি এণ্ড ফেমিলিৰ মুঠ সম্পদ ৬৭২ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আনহাতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ যোৱা এদিনত, তেওঁৰ মুঠ সম্পত্তিৰ ৩.৩ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

Post a Comment

Previous Post Next Post