CDS জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰৰ সৈতে কি হৈছিল, পোহৰলৈ আহিল কাৰণ


 

দেশৰ প্ৰথমগৰাকী চিডিএছ (chief of Defence Staff) জেনেৰেল বিপিন ৰাৱট (General Bipin Rawat)ৰ হেলিকপ্টাৰ বেয়া বতৰৰ বাবে পাইলটৰ ভুলৰ বাবেই সম্ভৱত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। বুধবাৰে এই ধৰণৰ সম্ভাৱনা প্ৰকাশ কৰিছে এক সূত্ৰই। এই হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা আৰু ১২ জোৱানৰ মৃত্যু হৈছিল।


এনডিটিভিৰ ৰিপ’ৰ্ট অনুসৰি, কইম্বাটুৰৰ ছুলুৰ বায়ুসেনা শিবিৰৰ পৰা ৱেলিংটনস্থিত ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ উৰা মৰা হেলিকপ্টাৰখন চিএফআইটি (Control flight into terrain)ৰ বাবেই হয়তো দুৰ্ঘটনাত পতিত হৈছিল। আইএটিএ (International air transport association)ৰ মতে, চিএফআইটি সেই স্থিতি যেতিয়া দুৰ্গম অঞ্চল অথবা বেয়া বতৰত উৰি থকা বিমান বা হেলিকপ্টাৰ হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা ইমান হঠাৎ হয় যে সম্পূৰ্ণ নিয়ন্ত্ৰণৰ সৈতে বিমান বা হেলিকপ্টাৰ উৰুৱাই থকা পাইলটে বিপদৰ পূৰ্ব সংকেতো নাপায়।

United State’s Federal Aviation Administration–এও চিএফআইটিক এইধৰণে পৰিভাষিত কৰে। সূত্ৰ মতে, আন দুৰ্ঘটনা আৰু চিএফআইটিত পাৰ্থক্য কেৱল ইমানেই যে ইয়াত অন্তিম মুহূৰ্তলৈ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত তামিলনাডুৰ নীলগিৰিৰ পাহাৰত ৰাবটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাৰ পিছত পোহৰলৈ অহা ভিডিঅ’ত দেখা গৈছিল যে এই হেলিকপ্টাৰখন ঘন মেঘৰ মাজত কম উচ্চতাত উৰিছিল। তিনিও সেনাৰ যৌথ তদন্তকাৰী দলে এই ঘটনাৰ তদন্ত কৰি আছে। ইয়াৰ ৰিপ’ৰ্ট এতিয়ালৈ প্ৰকাশ পোৱা নাই।

Post a Comment

Previous Post Next Post