ৰত্নাকৰক আমি বাল্মীকি হ'বলৈ নিদিও: দেবব্ৰত শইকীয়া



 অসমৰ মুখ্যমন্ত্ৰীয়ে হাফলঙত হত্যাকাৰীক ৰক্ষনাবেক্ষন দিছে। মুখ্যমন্ত্ৰীয়ে বেয়া কাম কৰিব, সেই কামৰ প্ৰতি আমাৰ সমৰ্থন নাই, তেখেতে নিজৰ দলক সম্ভালক। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ।


হত্যাকাৰীক ৰক্ষনাবেক্ষন দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী লগত আমি ১২৬ গৰাকী বিধায়াকেই আছো। বেয়া কাম কৰিলে কিন্তু আমি কোনো নাই। বৰাক উপত্যকাত বিৰোধী বিধায়ক আমাৰ লগত আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল। তাৰ পিছতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই উভতি ধৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক। সাক্ষীৰ স্বীকাৰোক্তি অনুযায়ী উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পূৰ্বৰ কাৰ্য্যবাহী সদস্য নিন্দু লাংথাছা, তদানীন্তন মুখ্য কাৰ্য্যবাহী সদস্য পুৰ্ণেন্দু লাংথাছা হত্যাকাণ্ডৰ লগত CEM দেৱলাল গাৰ্লোছা জড়িত। 

সেইগৰাকী দেৱলাল গাৰ্লোছাক মুখ্যমন্ত্ৰীয়ে ৰক্ষনাবেক্ষন দিয়াৰ অভিযোগ তুলিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰেড ছাংমা কভিড পজিটিভ হোৱাৰ পিছত তেওঁৰ লগত নতুন দিল্লী যোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰেন্টাইন কিয় হোৱা নাই বুলি প্ৰশ্ন কৰে দেবব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে মাস্ক নিপিন্ধে, তেও টেষ্ট নকৰে বুলি কয় বিৰোধী দলপতিগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে ক'ভিড বিধি ভংগ কৰিছে আৰু ক'ভিডক সম্পূৰ্ণৰূপে ভেঙুচালি কৰিছে বুলি অভিযোগ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

Post a Comment

Previous Post Next Post