মাক-দেউতাক হ'ল প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছ


 

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা (Priyanka Chopra) আৰু নিক জোনাছ (Nick Jonas)ৰ ঘৰ শোভা কৰিলে সন্তানে। পিতৃ-মাতৃ হোৱাৰ খবৰ কালি নিশা (Priyanka Chopra and Nick Jonas welcome baby) অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে প্ৰিয়ংকাই। বিবাহৰ ৩ বছৰ আৰু ২২ দিনৰ পিছত তেওঁলোকৰ ঘৰলৈ আহে সন্তান। প্ৰিয়ংকাই এগৰাকী মাতৃ হ'বলৈ পাই যথেষ্ট সুখী বুলি উল্লেখ কৰিছে। তেওঁ জনোৱা খবৰ অনুসৰি, চাৰোগেচীৰ জৰিয়তে মাতৃত্ব অৰ্জন কৰে। (Priyanka and Nick welcome baby via surrogacy)। চাৰোগেচীৰ জৰিয়তে সন্তান জন্মৰ খবৰ প্ৰকাশ কৰা হৈছে যদিও এয়া তেওঁ প্ৰকাশ কৰা নাই যে এয়া কন্যা নে পুত্ৰ সন্তান।


প্ৰিয়ংকা চোপ্ৰাই মাজনিশা ভাল খবৰ দিয়ে
দেশী গাৰ্ল' প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছক নিশা পলমকৈ টেগ কৰি এটা পোষ্ট ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। তেওঁ এইদৰে লিখিছিল: 'আমি আপোনাক ক'বলৈ পাই সুখী যে আমি চাৰোগেচীৰ জৰিয়তে এটা শিশুক আদৰণি জনাইছোঁ। আমি সন্মানসহকাৰে ক'ব বিচাৰোঁ যে এই নিৰ্দিষ্ট সময়ত আমাৰ গোপনীয়তাৰ যত্ন লোৱা উচিত, আমি আমাৰ পৰিয়ালৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ। আপোনালোক সকলোকে ধন্যবাদ'।


Post a Comment

Previous Post Next Post