বিৰাট কোহলী নে সৌৰভ গাংগুলী? কোনে কৈছে সঁচা কথা?



 বিৰাট কোহলী বনাম ৰোহিত শৰ্মা! ইয়াৰ পিছত এইবাৰ আৰম্ভ হৈছে বিৰাট কোহলী বনাম সৌৰভ গাংগুলী! সংবাদমেল সম্বোধন কৰি বিৰাট কোহলীয়ে এইবাৰ ৰাজহুৱা কৰিলে বহু ৰহস্য। কোহলীয়ে কয় যে, এদিনীয়া দলৰ অধিনায়ক পদৰ পৰা তেওঁৰ অপসাৰণ কৰাৰ কথা সিদ্ধান্ত লোৱাৰ মাত্ৰ ডেৰ ঘণ্টাৰ পূৰ্বেহে জনোৱা হৈছিল। এই সন্দৰ্ভত পূৰ্বে একো কথাই হোৱা নাছিল কোহলীক। কোহলীয়ে সৌৰভ গাংগুলীৰ নাম নোলোৱাকৈয়ে এই প্ৰশ্ন উত্থাপিত কৰে। য'ত দাদাই কৈছিল যে, তেওঁ কোহলীক টি২০ দলৰ অধিনায়ক হৈ থাকিবলৈহে আহ্বান জনাইছিল।


ভাৰতীয় টেষ্ট অধিনায়ক বিৰাট কোহলীয়ে (Virat Kohli) বুধবাৰে এখন সংবাদমেলত কেইবাটাও প্ৰশ্নৰ পোণপটীয়া উত্তৰ দিয়ে। তেওঁ কয় যে, তেওঁ দক্ষিণ আফ্ৰিকাত হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে সাজু। ৰোহিত শৰ্মাৰ সৈতে বিবাদ হোৱাৰ খবৰো একেমুখে অস্বীকাৰ কৰে বিৰাটে। কিন্তু সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ মাজত যে এখন শীতল যুদ্ধ চলি আছে, তাৰ স্পষ্ট ইংগিত হোৱা গ'ল এই সংবাদমেলতে।


বিৰাট কোহলীয়ে চলিত বছৰৰ ছেপ্তেম্বৰত টি-২০ দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। আৰু এতিয়া সৌৰভ গাংগুলীয়ে কৰা দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ভাৰতীয় টেষ্ট দলৰ অধিনায়কজনে। কোহলীয়ে কয় যে, 'যেতিয়া মই টি-২০ দলৰ অধিনায়ক পদ ত্যাগ কৰিছিলো, তেতিয়া মোক সিদ্ধান্ত সলনি কৰিবলৈ কৈছিল। কিন্তু পিছত খুব ভালদৰেই গ্ৰহণ কৰিছিল।

ইয়াৰ পূৰ্বে, সৌৰভ গাংগুলীয়ে কৈছিল যে, তেওঁ বিৰাট কোহলীৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিছিল আৰু তেতিয়া কৈছিল যে, তেওঁ টি-২০ দলৰ অধিনায়কৰ দায়িত্ব এৰি দিব নালাগে। কিন্তু এয়াও সত্য যে, ৱৰ্কলোড অত্যন্ত বেছি। গতিকে সিদ্ধান্ত ঠিকেই আছে। কিন্তু এতিয়া বিৰাট কোহলীয়ে সৌৰভ গাংগুলীয়ে কৰা দাবীক খাৰিজ কৰিছে!

Post a Comment

Previous Post Next Post