'কংগ্ৰেছৰ কাৰ্যকালত ৪০টা সমষ্টিত প্ৰভূত্ব হেৰুৱাইছে অসমীয়াই’

 


হেঙেৰাবাৰীৰ কাৰ্যালয়ত বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ সংবাদমেল৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ মন্তব্যক প্ৰত্যুত্তৰ বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ ৷ ভূপেন বৰাৰ লগতে বৰাৰ নেতৃত্বত থকা কংগ্ৰেছ  দলক মস্তিষ্কহীন আখ্যা৷


অসমৰ মুখ্যমন্ত্ৰীয়ে মৃত্যুদণ্ডৰ আদেশ দিয়া আৰম্ভ কৰিছে বুলি বৰাই কৰা মন্তব্যক ভিত্তিহীন আখ্যা বিজেপিৰ মুখপাত্ৰগৰাকীৰ। এই মন্তব্যৰ কোনো তথ্য–প্ৰমাণ নাই বুলি কয় তেওঁ৷ এনে মন্তব্যৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অতিশীঘ্ৰে ক্ষমা খোজাৰ দাবী৷

‘‘ভূপেন বৰাৰ লগতে বৰাৰ নেতৃত্বত মস্তিষ্কহীনভাৱে চলিছে কংগ্ৰেছ দল৷ সকলো ৰাজনৈতিক দলে গান্ধীৰ আদৰ্শ মানি চলে৷ একেদৰে বিজেপিয়েও গান্ধীৰ আদৰ্শ মানি চলে৷ কিন্তু নাথুৰাম গডছেক বিজেপিৰ গুৰু বুলি কোৱাৰ কোনো যুক্তি নাই, ভূপেন বৰাৰ৷’’ – মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীৰ।

ৰঞ্জীৱ শৰ্মাই কয়, ১৫ বছৰে একেৰাহে শাসন চলোৱা কংগ্ৰেছে ভৱা নাছিল জাতি–মাটি–ভেটিৰ কথা৷ কিন্তু বিজেপিৰ কাৰ্যকালত এতিয়া জাতি–মাটি–ভেটি সুৰক্ষাৰ কথা কয় কংগ্ৰেছে৷ ইমানে নহয়, কংগ্ৰেছৰ কাৰ্যকালত ৪০টা বিশেষ সমষ্টিত অসমীয়াই প্ৰভূত্ব হেৰুৱাইছে বুলিও কয় তেওঁ৷

Post a Comment

Previous Post Next Post