বিয়াৰ বতৰত আজি কমিল সোণৰ দাম! ৰূপৰ দাম বাঢ়িল


 

বিবাহৰ বতৰত সোণ বা সোণৰ অলংকাৰ দাম কমা মানেই সাধাৰণ লোকৰ বাবে আটাইতকৈ ভাল খবৰ। আজি পুনৰ সোণৰ দাম কমাৰ লগে লগে সোণ কিনিম বুলি ভাবি থকা লোকসকলললৈ আনিছে সুখবৰ।


আজি সোণৰ দাম (Gold Price Today)  হ্ৰাস হৈ প্ৰতি ১০ গ্ৰামত ৪৭,৭৯৫ টকা হৈছে। ইয়াৰ পূৰ্বে মঙলবাৰে সোণৰ প্ৰতি ১০ গ্ৰামত দাম ৪৮,৮২৬ টকা আছিল।

সোণৰ দাম কমাৰ বিপৰীতে আজি সামান্য দাম বাঢ়িল ৰূপৰ। মঙলবাৰে প্ৰতি কিলো ৰূপৰ দাম আছিল ৬১,৩৩৭ টকা। আজি প্ৰতিকিলো ৰূপৰ দাম হ'লগৈ ৬২.৩৭৬ টকা।

উল্লেখ্য যে ২০২০ চনত এই সময়ছোৱাত সোণৰ দাম সৰ্বকালৰ অভিলেখকাৰী আছিল। তেতিয়া প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫৬,২০০ টকাছিল। সেই হিচাপত আজি  সোণ প্ৰায় ৮৪০০ টকা কম দামত পোৱা গৈছে।

আপুনি নিজে কেনেকৈ জানিব সোণ-ৰূপৰ দাম?

মিছকল দি সোণৰ দাম বিচাৰ কৰক: আপুনি ঘৰত বহি সোণৰ দাম সহজে জানিব পাৰে। আপুনি কেৱল এই নম্বৰটোত 8955664433 এটা মিছকল দিব লাগিব আৰু আপোনাৰ ফোনত এটা বাৰ্তা ওলাব য'ত আপুনি শেহতীয়া হাৰবোৰ পৰীক্ষা কৰিব পাৰে।

এনেদৰে আপুনি সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে: আপুনি এতিয়া সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ চৰকাৰে এটা এপ সৃষ্টি কৰিছে। 'বিআইএছ কেয়াৰ এপ' (BIS Care app)ৰ পৰা গ্ৰাহকসকলে (Customer) সোণৰ বিশুদ্ধতা (Purity) পৰীক্ষা কৰিব পাৰে। এই এপটোৱে কেৱল সোণৰ বিশুদ্ধতা পৰীক্ষা কৰাই নহয়, ইয়াl সোণ-ৰূপ সম্পৰ্কীয় যিকোনো অভিযোগো কৰিব পাৰে।

গ্ৰাহকসকলে লগে লগে অভিযোগ কৰিব পাৰে যদি এই এপটোত সামগ্ৰীৰ অনুজ্ঞাপত্ৰ, পঞ্জীয়ন আৰু হলমাৰ্ক নম্বৰ অশুদ্ধ বুলি পোৱা যায়। এপটোৱে গ্ৰাহকক তৎক্ষণাৎ অভিযোগ দাখিল কৰিবলৈ তথ্য প্ৰদান কৰিব।

Post a Comment

Previous Post Next Post