Covaxin vaccine: অৱশেষত কোভাক্সিনে পালে স্বীকৃতি

 


ভাৰতত তৈয়াৰ কৰা কোৰোনা ভাইৰাছ প্ৰতিৰোধী ভেকচিন কোভাক্সিনে জৰুৰীকালীন ব্যৱহাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী পৰামৰ্শদাতা গোটৰ পৰা প্ৰায় অনুমোদন লাভ কৰিছে। পিটিআইৰ মতে, বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী পৰামৰ্শদাতা গোটে ইণ্ডিয়া বায়োটেকৰ এণ্টি-কোভিড-১৯ ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ তালিকাত ৰাখিবলৈ পৰামৰ্শ দিছে।


সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভেকচিনটোৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদনৰ বাবে WHOৰ প্ৰধান টেড্ৰোছ এঢানোমক বিশেষ অনুৰোধ জনাইছিল। ভেকচিনটো বিকশিত কৰা হায়দৰাবাদস্থিত ভাৰত বায়োটেক কোম্পানীয়েও ১৯ এপ্ৰিলত জৰুৰীকালীন ব্যৱহাৰ তালিকাত ভেকচিনটো অন্তৰ্ভুক্ত কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল।


তেতিয়াৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত এই সিদ্ধান্তত উপনীত হৈছে। দলটোৱে চূড়ান্ত বিশ্লেষণ কৰাৰ বাবে ২৬ অক্টোবৰৰ বৈঠকত ইণ্ডিয়া-বায়োটেকৰ পৰা অতিৰিক্ত তথ্য বিচাৰিছিল। বিচৰা তথ্যত ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ ইমিউনোজেনিচিটী ডাটাও অন্তৰ্ভুক্ত আছিল। ইয়াৰ উপৰি লিংগ অনুসৰি তথ্যও বিচৰা হৈছিল। কাৰিকৰী পৰামৰ্শদাতা গোটক যোৱা সপ্তাহত ভাৰত বায়োটেকৰ দ্বাৰা তথ্যসমূহ হস্তান্তৰ কৰা হৈছিল।


উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে পৃথিৱীৰ সাতটা কোৰোনা ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন দিছে। সংগঠনটোৰ কৌশলগত পৰামৰ্শদাতা গোটে ইতিমধ্যে কোভাক্সিন ভেকচিনৰ ওপৰত বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হয়।

Post a Comment

Previous Post Next Post