সোণ–ৰূপ সস্তা, জানক আজি ১০ গ্ৰাম সোণৰ দাম কিমান?

 


Gold-Silver Price Today- সোণ–ৰূপৰ মূল্য আজি বৃহস্পতিবাৰে আকৌ কমা দেখা গৈছে। মাল্টি কম’ডিটিজ এক্সচেঞ্জত (MCX) সোণ ৮২ টকা সস্তা হৈছে অৰ্থাৎ ০.১৭ শতাংশ হ্ৰাস পাই আজি সোণ (Gold price) পুৱা ৯.০২ বজাত প্ৰতি দহ গ্ৰামত ৪৯,২১০ টকাত ব্যৱসায় কৰি আছে। আনহাতে ৰূপৰ মূল্যও হ্ৰাস পাইছে (Silver price today) আজি। ৰূপৰ শেহতীয়া মূল্যৰ ক্ষেত্ৰত ২৬৫ টকা হ্ৰাস হৈছে। ৰূপ ০.৪০ শতাংশ সস্তা হৈ ৬৬,২৬০ টকা প্ৰতি কিলোগ্ৰামত ট্ৰেড কৰি আছে।


মিচড কলেৰে জানক সোণৰ দামঃ
ঘৰতে বহি আপুনি সোণ–ৰূপৰ দাম জানিব পাৰে। ইয়াৰ কাৰণে আপুনি মাত্ৰ ৮৯৫৫৬৬৪৪৩৩ত মিচড কল দিয়ক। মেচেজত আপুনি গম পাব শেহতীয়া ৰেট।
সোণৰ বিশুদ্ধতা কেনেকৈ ধৰিবঃ
চৰকাৰে এটা এপ বনাইছে যিটোৰ নাম ‘BIS Care app’। এই এপৰ সহায়ক গ্ৰাহকে (Consumer) সোণৰ (Gold) বিশুদ্ধতা (Purity) পৰীক্ষা কৰাৰ লগতে ইয়াৰ সৈতে জৰিত যিকোনো অভিযোগ দাখিল কৰিব পাৰে।
এই এপত (App) যদি সামগ্ৰীৰ লাইচেন্স, ৰেজিষ্ট্ৰেশ্যন আৰু হলমাৰ্ক ভুল পোৱা যায় তেনেহ’লে গ্ৰাহকে লগে লগে ইয়াৰ অভিযোগ সংশ্লিষ্ট বিভাগত দাখিল কৰিব পাৰে।

Post a Comment

Previous Post Next Post