পকচো আইনকলৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। যৌন অপৰাধত স্কীন টু স্কীন কন্টেক্ট জৰুৰী নহয়। স্পষ্টকৈ জনাই দিলে উচ্চতম ন্যায়ালয়ে। ফলত বিগত জানুৱাৰী মাহত বোম্বে হাইকোৰ্টৰ ৰায় খাৰিজ হৈ গল সৰ্বোচ্চ আদালতত। এগৰাকী ১২ বছৰীয়া শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনাত বোম্বে হাইকোৰ্টে স্কীন টু স্কীন টাচ ফৰ্মূলাৰে অভিযুক্তক দোষমুক্ত কৰিছিল।
বোম্বে হাইকোৰ্টৰ এই ৰায়ৰ চেলেঞ্জ কৰি মহিলা কমিছন মহাৰাষ্ট্ৰ চৰকাৰসহ একাধিক সংগঠন উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আজি উচ্চতম ন্যায়ালয়ে এই ৰায়ক সংকীৰ্ণ আখ্যা দি ই সমাজৰ বাবে ক্ষতিকাৰক, শিশুৰ যৌন অপৰাধজনিত ঘটনাত স্কীন টু স্কীন স্পৰ্শ আৱশ্যক নহয় বুলি জনাই দিয়ে।
স্কীন টু স্কীন স্পৰ্শ কৰাৰ উপৰিও পকচো আইন অনুসৰি শিশুৰ যৌনাংগ স্পৰ্শ কৰা অপৰাধ। যৌন ইচ্ছাৰে শিশুৰ যৌনাংগ স্পৰ্শ কৰা আইন অনুসৰি অপৰাধ। ঘটনাত অভিযুক্তক ৩ বছৰ কাৰাদণ্ড দিছে আদালতে। শীৰ্ষ আদালতৰ বিচাৰপতি উদয় উদিত ললিত, বিচাৰপতি এছ ৰবীন্দ্ৰ ভাটৰ লগতে বেলা এম ত্ৰিৱেদীৰ বেঞ্চে কৈছে- কাপোৰৰ ওপৰত স্পৰ্শ কৰিলেও যৌন নিৰ্যাতনৰ ভিতৰতে পৰিব।