ভূতৰ ভয়েই হ’ল কাল! সপোন দেখি আতংকিত


 

ভয়েই ভূত! বহুতেই হয়তো ভূত–অশৰীৰি আত্মাৰ অৱস্থিতি অস্বীকাৰ কৰিব। পিছে এজন আৰক্ষী কৰ্মীক ভূতৰ ভয়ে ইমানেই বেয়াকৈ খেদিলে যে তেওঁ নিজৰ জীৱনেই ত্যাগ কৰি দিলে। ঘটনা তামিলনাডুৰ (Tamil Nadu) এজন পুলিচ কৰ্মীৰ। কেইবাদিন ধৰি বেয়া সপোন দেখি আছিল তেওঁ। এই সপোনে তেওঁক ইমানেই মানসিক অশান্তি দিলে যে নিজৰ চৰকাৰী বাসগৃহত চিপ লৈ আত্মহত্যা (Suicide) কৰে। ঘটনাৰ সময়ত তেওঁ অকলশৰে আছিল। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। সকলো হতবাক এই কাণ্ডত।


তামিলনাডুৰ কুড্ডালোৰ জিলাৰ ঘটনা। ৩৩ বছৰীয়া পুলিচকৰ্মী প্ৰভাকৰণে ফাঁচি লগাই লৈ আত্মহত্যা কৰে। পৰিয়ালৰ মতে তেওঁক সদায়ে ভূতৰ ভয়ে খেদি ফুৰিছিল। মন–মগজুত ভূতৰ ভয় ব্যক্তিজনৰ ইমানেই বেয়াকৈ সোমাই পৰিছিল যে তেওঁ অৱশেষত চৰম সিদ্ধান্ত ল’লে। পত্নী আৰু কণ–কণ পুত্ৰ–কন্যাও আছে ব্যক্তিজনৰ। আৰক্ষী কৰ্মীজনৰ আত্মহত্যাৰ পিছত ভাগি পৰিছে দিশহাৰা পৰিয়ালটো।

পৰিয়ালৰ মতে কিছু সময়ৰ পৰা প্ৰভাকৰণে স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ সৈতে যুঁজি আছিল। পৰিয়ালৰ মতে তেওঁ বেয়া বেয়া সপোন দেখিবলৈ লৈছিল। এই সপোনত প্ৰায়ে তেওঁ এগৰাকী জ্বলি থকা মহিলাৰ ডিঙি চেপিছিল। এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ জ্যোতিষীৰো সহায় লৈছিল প্ৰভাকৰণে। ইয়াৰ পৰা ঠিক হ’বলৈ তেওঁ ১৫ দিনৰ ছুটিও লৈছিল আৰু পূজা কৰা কক্ষত নিজকে আৱদ্ধ কৰি লৈছিল।

পত্নী–সন্তান কোনো বিয়ালৈ যোৱাৰ সময়তে ঘৰত অকলশৰে আছিল ব্যক্তিজন। অৱশেষত ঘৰলৈ উভতি অহা পৰিয়ালে ব্যক্তিজনৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি তদন্ত কৰিছে।

Post a Comment

Previous Post Next Post