বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট (kangana ranaut)ক আকৌ এবাৰ দেখা গৈছে বিতৰ্কিত মন্তব্যদাতাৰ ৰূপত। কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট'ৰীত এটা প্ৰবন্ধ শ্বেয়াৰ কৰি লিখে– "হয় আপুনি মহাত্মা গান্ধীৰ সমৰ্থক হ'ব পাৰে বা নেতাজীৰ, দুয়োগৰাকীৰ নহয়।" শ্বেয়াৰ কৰা প্ৰবন্ধটো আছিল এখন পুৰণি বাতৰি কাকতত প্ৰকাশিত, শিৰোনাম আছিল, "গান্ধী আৰু আনসকলে নেতাজীক হস্তান্তৰ কৰিবলৈ সন্মত আছিল।"
কংগনাই আৰু লিখে, "যিসকলে স্বাধীনতাৰ বাবে যুঁজ দি আছিল তেওঁলোকক তেওঁলোকৰ মালিকক হস্তান্তৰ কৰা হৈছিল... এইসকল আছিল সেইসকল, যাৰ সাহস নাছিল, যিসকলে উৎপীড়কৰ সৈতে যুঁজিবলৈ ৰক্তক্ষৰণ কৰা নাছিল, কিন্তু তেওঁলোক ক্ষমতাৰ ভোকাতুৰ আৰু চতুৰ আছিল... এইবোৰেই আমাক শিকাইছিল যে যদি কোনোবাই এজনক থাপ্পড় মাৰে, আনটো গাল তেওঁৰ ফালে আগুৱাই দিব লাগে আৰু আমি এনেদৰে স্বাধীনতা পাম... এনে স্বাধীনতা উপলব্ধ নহয়। বুদ্ধিমত্তাৰে বাছনি কৰক।"
উল্লেখ্য, কেইদিনমান আগতে এটা নিউজ চেনেলত কংগনাই কৈছিল যে ১৯৪৭ চনৰ স্বাধীনতা আছিল ভিক্ষা, দেশলৈ প্ৰকৃত স্বাধীনতা ২০১৪ চনত আহিছিল। এয়া অসত্য প্ৰমাণিত কৰিব পাৰিলে কংগনাই পদ্মশ্ৰী ঘূৰাই দিয়াৰ প্ৰত্যাহ্বান জনাইছিল।
কংগনাই পৰৱৰ্তী ইনষ্টাগ্ৰাম ষ্ট'ৰীত লিখে- "গান্ধীয়ে কেতিয়াও ভগত সিং বা নেতাজীক সমৰ্থন কৰা নাছিল। গান্ধীজীয়ে ভগত সিঙক ফাঁচি দিয়াটো বিচাৰিছিল আৰু ইয়াৰ প্ৰমাণ আছে... গতিকে আপুনি কাক সমৰ্থন কৰিব বাছনি কৰিব লাগিব... কাৰণ আপুনি সকলোকে স্মৃতিৰ একেটা বাকচত ৰাখিব নোৱাৰে।''
কংগনাৰ বিতৰ্কিত বাক্যবাণ অব্যাহত আছে। ইতিমধ্যে ইয়াকে লৈ কংগনাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কংগনাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই।