এগৰাকীয়ে এই বছৰতে মিছ ছাউথ ইণ্ডিয়াৰ খিতাপ জিকিছিল। সিমানেই নহয়, আনছি কবীৰে (Ansi Kabeer) ২০১৯ চনত মিছ কেৰালাৰ খিতাপো জয় কৰিছিল। সেই বছৰে মিছ কেৰালা প্ৰতিযোগিতাৰ ৰানাৰ আপ হৈছিল অঞ্জনা ছাহজাহান (Anjana Shahjahan)। সোমবাৰে কেৰালাত মৰ্মান্তিক পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱায় দুয়োগৰাকী মডেলে।
ইণ্ডিয়া টুডেত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, আনছি কবিৰ আৰু অঞ্জনা ছাহজাহান দুয়োগৰাকী মডেলিঙৰ সৈতে জড়িত আছিল। সেইদিনা কেৰালাত এখন গাড়ীৰে গৈ আছিল দুয়ো। হঠাৎ গাড়ীৰ আগত এখন চাইকেল আহি ওলোৱাত চাইকেল আৰোহীক বচাবলৈ গৈ এজোপা গছত খুন্দা মাৰে গাড়ীখনে। ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভিটিলা আৰু এডাপ্পাল্লিৰ মাজৰ চক্ৰপৰম্ভুৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গাড়ীখন এনেকুৱাকৈ ক্ষতিগ্ৰস্ত হয় যে সেইখন আৰু মেৰামতি কৰা অৱস্থাত নাই।স্থানীয় সংবাদ মাধ্যমৰ খবৰৰ পৰা জনা গৈছে যে কোচীত এক ফটোশ্বুটৰ কাম কৰি ত্ৰিশূৰৰ ফালে উভতিছিল আনছি আৰু অঞ্জনা। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। গাড়ীত থকা আন দুজন লোকো আহত হয়। তেওঁলোকক এৰ্নাকুলামৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।