ছাৰ্ট বিশ্বজুৰি পুৰুষ-মহিলা উভয়ৰে সকলোতকৈ বেছি উপযোগী পোছাকৰূপে পৰিগণিত হৈ আহিছে। পিছে দেখাত একে হ'লেও পুৰুষ মহিলাৰ ছাৰ্টৰ (Man-Woman Shirt Button) আছে বহু প্ৰভেদ। বিশেষকৈ আপুনি কেতিয়াবা ভাবিছেনে মহিলাৰ ছাৰ্টৰ বুটন পুৰুষৰ ছাৰ্টৰ বুটনৰ বিপৰীত দিশত থাকে। পুৰুষৰ ছাৰ্টৰ বুটন সোঁফালে থকাৰ বিপৰীতে মহিলাৰ ছাৰ্টৰ বুটন (Woman Shirt Button) থাকে বাওঁফালে। দেখাত তেনেই সাধাৰণ কথা যেন লাগিলেও ইয়াৰ আঁৰত আছে আমোদজনক কাৰণ।
আপাতত পুৰুষ আৰু মহিলাৰ ছাৰ্টৰ পাৰ্থক্য ৰাখিবৰ বাবেই বুটন বিপৰীত দিশত ৰখা হয় যাতে সকোলৱে সহজতে পুৰুষ নে মহিলাৰ ছাৰ্ট চিনি পাব পাৰে। এইটো তেনেই সাধাৰণ কথা। পিছে ইয়াৰ আছে আৰু কাৰণ।
এটা ধাৰণা মতে আগৰ দিনত ধনীক শ্ৰেণীৰ মহিলাক বনকৰা মহিলাই কাপোৰ পিন্ধাই দিছিল। পুৰুষেতো কাপোৰ নিজে পিন্ধি লৈছিল। কিন্তু মহিলাসকলক বনকৰা মহিলাই যেতিয়া ছাৰ্ট পিন্ধাব লৈছিল তেতিয়া সোফালে বুটন থাকিলে লগাবলৈ অসুবিধা পাইছিল। কাৰণ নিজেই পিন্ধিলে সোফালে থাকিলে বুটন লগাবলৈ যিমান সহজ আনক পিন্ধাই দিবলৈ সিমানেই টান। সেয়ে মহিলাৰ ছাৰ্টত বুটন সোফালৰ পৰিৱৰ্তে বাওঁফালে কৰা হয়।
আন এক মতবাদ মতে মহিলাসকলে কেঁচুৱা লওতে বেছিভাগ সময় বাওঁ হাতেৰেই লয়। সেয়েহে কেঁচুৱাক গাখীৰ খুৱাবৰ সময়ত সোঁ হাতেৰে যাতে সহজতে ছাৰ্টৰ বুটন খুলিব পাৰে তাৰ বাবে মহিলাৰ ছাৰ্টত বুটন বাওফালে ৰখা হয়।
আনহাতে পুৰুষৰ ছাৰ্টত সোঁফালে বুটন লগোৱাটো পুৰণি পৰম্পৰা বুলিয়েই গণ্য কৰা হয়। তথাপি পুৰণি কালৰ পৰাই পুৰুষসকলে যিহেতু চিকাৰৰ পৰা আৰম্ভ কৰি যুদ্ধ-বিগ্ৰহলৈ সোঁহাতত অনবৰত অস্ত্ৰ লৈ থাকিব লাগিছিল সেয়েহে প্ৰয়োজনত সহজে খুলিব পৰাকৈ পুৰুষৰ ছাৰ্টৰ বুটন সোঁফালে লগোৱা হৈছিল।

Tags:
National