৪ দিনৰ আতংকৰ পিছত সন্ত্ৰাসবাদীৰ কৱলৰ পৰা কেনেকৈ মুক্ত হৈছিল মুম্বাই?


 

২০০৮ চনৰ ২৬ নৱেম্বৰত ১০টা লস্কৰ-ই-তৈবা (Lashkar-e-Taiba) সন্ত্ৰাসবাদীয়ে মুম্বাই কঁপাই তুলিছিল। আজমল কাচাব (Ajmal Kasab)কে ধৰি সন্ত্ৰাসবাদীৰ দলটোৱে মুম্বাইৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানলক্ষ্য কৰি লৈছিল যাৰ ভিতৰত আছিল ছত্ৰপতি মহাৰাজ টাৰ্মিনাস (CSMT), তাজমহল পেলেচ হোটেল, হোটেল ট্ৰাইডেণ্ট, নৰিমন হাউচ, লিওপোল্ড কেফে, কামা চিকিৎসালয়।


এই আক্ৰমণত নিৰাপত্তাৰক্ষীসহ মুঠ ১৬৬ জন লোক নিহত হয়। ইফালে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী আৰু মুম্বাই আৰক্ষীয়ে সাহসেৰে ৯ জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। এই সমগ্ৰ ইতিহাসৰ ঘটনাক্ৰমত কেৱল এটা সন্ত্ৰাসবাদী- কাচাব জীৱিত অৱস্থাত ধৰা পৰিছিল। ২০১২ চনৰ ২১ নৱেম্বৰত তাক ফাঁচী দিয়া হৈছিল। ২৬ নৱেম্বৰত আৰম্ভ হোৱা সন্ত্ৰাস আৰু ৰক্তপাতৰ সময় ভাৰতৰ অৰ্থনৈতিক

২৬ নৱেম্বৰঃ ১০ লস্কৰ সন্ত্ৰাসবাদী স্পীডবোটেৰে কৰাচীৰ পৰা মুম্বাইত উপস্থিত হয়। আক্ৰমণৰ আৰম্ভণিতে ইয়াক এটা গেংৱাৰ বুলি গণ্য কৰা হৈছিল, কিন্তু সোনকালেই এইটো স্পষ্ট হৈ পৰিছিল যে এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ আছিল। চাৰিটা সন্ত্ৰাসবাদী তাজ আৰু দুটা ট্ৰাইডেণ্ট ত উপস্থিত হৈছিল। আনহাতে, দুটা নৰিমন হাউচত আক্ৰমণ কৰিছিল। কাচাভকে ধৰি আন এটা সন্ত্ৰাসবাদীয়ে চিএছএমটিত গুলীচালনা কৰে। এই আক্ৰমণত, 58 জন লোক নিহত হৈছিল আৰু 100 ৰো অধিক লোক আহত হৈছিল।

কাচাব আৰু তেওঁৰ সহযোগী ইছমাইল খান কামা চিকিৎসালয়ৰ ফালে গৈছিল। সন্ত্ৰাসবাদী দুটাই চহৰখনত ৬ জন আৰক্ষী বিষয়াক হত্যা কৰিছিল। প্ৰাণ হেৰুওৱা আৰক্ষীসকলৰ ভিতৰত আছিল মুম্বাই সন্ত্ৰাসবাদ বিৰোধী দলৰ মুৰব্বী হেমন্ত কাৰকাৰে, বিজয় চালস্কাছ আৰু অশোক কামতে। তাৰ পিছত দুয়োটা আৰক্ষীৰ জীপত পলাই যায়, কিন্তু আৰক্ষীয়ে অলপ সময়ৰ ভিতৰতে দুইটাকে ভেটি দিয়ে। ইফালে, আৰক্ষীয়ে খানক হত্যা কৰে আৰু কাচাবক গ্ৰেপ্তাৰ কৰা হয়। সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত কনিষ্টবল তুকাৰাম ওম্বলেও নিহত হৈছিল।

২৭ নৱেম্বৰঃ সেনা আৰু মেৰাইন কমাণ্ডোসকলে তাজ, ট্ৰাইণ্ডেট আৰু নৰিমন হাউচ ঘেৰি ধৰে। প্ৰৱেশ কৰিবলৈ সাজু হৈ, এনএছজিয়ে অপাৰেচন ব্লেক টৰ্ণেডো আৰম্ভ কৰে।
২৮ নৱেম্বৰঃ কমাণ্ডোসকলে ট্ৰাইডেণ্টৰ লগতে নৰিমন হাউচত অভিযান সম্পূৰ্ণ কৰে।

২৯ নৱেম্বৰঃ এনএছজিয়ে হোটেল তাজ সুৰক্ষিত কৰে, যিখন সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বাৰা বেয়াকৈ অতি বেয়াকৈ আক্ৰান্ত হৈছিল।

Post a Comment

Previous Post Next Post