জম্মু–কাশ্মীৰৰ পুঞ্চৰ পিছত শ্ব’পিয়াত ইমামছাহাব অঞ্চলৰ তুলৰানত আৰম্ভ হোৱা সংঘৰ্ষত নিহত হৈছে লস্কৰ ই তৈবাৰ তিনি সন্ত্ৰাসবাদী। এই তথ্য সদৰি কৰিছে জম্মু–কাশ্মীৰ আৰক্ষীয়ে। জানিব পৰা মতে, মৃত্যু হোৱা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত বিহাৰৰ বীৰেন্দ্ৰ পাছৱানৰ হত্যাকাৰীও আছে। আৰক্ষী বিষয়াই সদৰি কৰিছিল যে সোমবাৰে সন্ধিয়া সূত্ৰৰ আধাৰত শ্ব’পিয়াত অভিযান চলোৱা হৈছিল।
জম্মু–কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে সোমবাৰে কৈছিল যে নিৰ্ভৰযোগ্য সূত্ৰৰ আধাৰত শ্ব’পিয়াত অভিযান আৰম্ভ কৰা হৈছিল। তুৰানত সংঘৰ্ষ আৰম্ভ হৈছিল। ৩–৪জন সন্ত্ৰাসবাদী আবদ্ধ হৈ পৰিছিল। তেওঁ কয় যে ২৪ ঘণ্টাৰ ভিতৰত এয়া তৃতীয়টো সংঘৰ্ষ।
শ্ব’পিয়াত সংঘৰ্ষত মৃত্যু হোৱা তিনি সন্ত্ৰাসবাদীৰ জম্মাৰ পৰা নিৰাপত্তাৰক্ষীয়ো বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰিছে। কাশ্মীৰ জ’ৰ আৰক্ষীয়ে কয় যে নিহত তিনি সন্ত্ৰাসবাদী লস্কৰ–ই–তৈবাৰ টিআৰএফৰ। ইয়াৰে এটাক মুখতাৰ শ্বাহ বুলি চিনাক্ত কৰা হৈছে।
Tags:
National