'খান' উপাধিৰ বাবে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানক টাৰ্গেট কৰা হৈছেঃ মেহবুবা মুফতি


 

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু পিডিপি নেত্ৰী মেহবুবা মুফতীয়ে বলীউড তাৰকা শ্বাহৰুখ পুত্ৰ আৰিয়ান 'খান' উপাধিৰ বাবে ভাৰতৰ কেন্দ্ৰীয় সংস্থাসমূহৰ লক্ষ্য হৈছে বুলি উল্লেখ কৰে। মেহবুবাই সোমবাৰে টুইটাৰত এই মন্তব্য কৰিছিল।


ইয়াকে লৈ দিল্লীৰ এগৰাকী অধিবক্তাই ড্ৰাগছৰ গোচৰত অভিযুক্ত আৰিয়ানৰ প্ৰসংগত সাম্প্ৰদায়িক দৃষ্টিভংগী প্ৰকাশ কৰাৰ বাবে মেহবুবাৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ কৰিছে। উল্লেখ্য, আৰিয়ান খানক লৈ মেহবুবাই তেওঁৰ টুইটত দাবী কৰিছিল যে বিজেপিৰ মুখ্য ভোট বেংকক সন্তুষ্ট কৰিবলৈ ভাৰতত মুছলমানসকলক লক্ষ্য কৰি লোৱা হৈছে।


জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ টুইটত কয় যে চাৰিজন কৃষকক হত্যা কৰাৰ অভিযোগত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰক দৃষ্টান্তমূলক শাস্তি দিয়াৰ পৰিৱৰ্তে ভাৰতৰ কেন্দ্ৰীয় সংস্থাসমূহে এজন ২৩ বছৰীয়া যুৱকক (আৰিয়ান) অনুসৰণ কৰিছে কেৱল তেওঁৰ উপাধি 'খান' হোৱাৰ বাবে।



উল্লেখ্য, শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক অলপতে এটা বিলাসী পাৰ্টীত ড্ৰাগছৰ ব্যৱহাৰৰ বাবে আটক কৰাৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ জামিন আবেদন একাধিকবাৰ নাকচ কৰা হৈছে। সম্প্ৰতি তেওঁ কাৰাগৰাতে আছে।

Post a Comment

Previous Post Next Post