সুলভ মূল্যৰ স্মাৰ্টফোন প্ৰদান প্ৰতিশ্ৰুতি পালন কৰি দেৱালীত মুকলি কৰিব জিঅ' ফোন নেক্সট (JioPhone Next)। ইতিমধ্যে দেৱালীত ভাৰতীয় বজাৰলৈ আহিবলগীয়া JioPhone Nextৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ মূল্য ৬৪৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে৷ স্মাৰ্টফোনৰ দুনিয়াখনত এই মূল্য নিশ্চিতভাৱে সুলভ বুলি বিবেচিত।
আনহাতে গ্ৰাহকে ১৯৯৯ টকাৰে জিঅ' ফোন নেক্সট (JioPhone Next) লাভ কৰিব পাৰিব৷ বাকী টকা সহজ কিস্তিত পৰিশোধ কৰিব পাৰিব৷ কিস্তিত টকা পৰিশোধ কৰাৰ বাবেও কেইবাটাও বিকল্প আছে৷ ইয়াৰ বাবে ১৮ আৰু ২৪ মাহৰ বাবে কিস্তি অনুসৰি সহজে পৰিশোধ কৰিব পাৰিব৷
জিঅ' ফোন নেক্সট ক্ৰয় কৰিবলৈ আগ্ৰহীসকলে জিঅ' মাৰ্ট ডিজিটেল ৰিটেইল ষ্ট'ৰলৈ গৈ পঞ্জীয়ন কৰিব পাৰে৷ অথবা আপুনি WWW.JIO.COM/NEXT গৈ আগ্ৰহ প্ৰকাশ কৰিব পাৰে৷ লগতে, ৭০১৮২-৭০১৮২ নম্বৰত HI লিখি হোৱাটছএপ কৰিব পাৰে৷ নিশ্চিতকৰণৰ পিছত গ্ৰাহকে জিঅ' মাৰ্ট ডিজিটেল ৰিটেইল ষ্ট'ৰৰ পৰা জিঅ' ফোন নেক্সট সংগ্ৰহ কৰিব পাৰে৷
জিঅ' ফোন নেক্সটৰ মুখ্য উদ্দেশ্য হৈছে প্ৰত্যেক ভাৰতীয়ক স্মাৰ্টফোন আৰু ইণ্টাৰনেট প্ৰৱেশাধিকাৰ প্ৰদান কৰা৷ সেয়েহে জিঅ' আৰু গুগলে এই ফোনটোত স্মাৰ্টফোনৰ সকলো সুবিধা দি কম মূল্যত বজাৰত মুকলি কৰাৰ পথত। গুগলে জিঅ' ফোন নেক্সটৰ বাবে প্ৰগতি এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম বিকশিত কৰিছে৷
জিঅ' ফোন নেক্সটত ব্যৱহাৰকাৰীসকলৰ সুবিধাৰ বাবে একাধিক সুবিধা আছে৷ ইয়াৰ ভিতৰত আছে স্ক্ৰীণত লিখা যিকোনো তথ্য দহটা ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ সুবিধা৷ জিঅ' ফোনটো নিজৰ ভাষাতো পৰিচালনা কৰিব পাৰি৷ তাত এটা ভাল কেমেৰাও আছে৷ কোৱালকমৰ শক্তিশালী প্ৰচেছৰ জিঅ' ফোন নেক্সটতো আছে৷
জিঅ' ফোন নেক্সট মুকলি কৰাৰ কথা উল্লেখ কৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক মুকেশ আম্বানিয়ে কয়, "মই ভাবি আনন্দিত যে ৰিলায়েন্স জিঅ' আৰু গুগলে কোৰোনা মহামাৰীৰ বাবে বিশ্বব্যাপী যোগান ব্যৱস্থাৰ প্ৰভাৱ সত্ত্বেও উৎসৱৰ বতৰত এই যুগান্তকাৰী ফোনটো মানুহক হস্তান্তৰ কৰিছে৷ মই সদায় বিশ্বাস কৰি আহিছোঁ যে ডিজিটেল বিপ্লৱে ১৩৫ কোটি ভাৰতীয়ৰ জীৱন উন্নত আৰু সমৃদ্ধ কৰি তুলিব।''
https://twitter.com/ANI/status/1454337990025646082?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1454337990025646082%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fassam.news18.com%2Fnews%2Fbusiness%2Fjiophone-next-from-diwali-at-rupees-1999-only-know-about-emi-and-booking-system-gb-165843.html
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে কয়, "ইণ্টাৰনেটে সকলোৰে জীৱনলৈ আনিব পৰা সুবিধাসমূহৰ কথা মনত ৰাখি জিঅ' ফোন নেক্সট ভাৰতীয়সকলৰ সামৰ্থ্যৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ আঁৰত দুয়োটা কোম্পানীৰ বিশেষজ্ঞ আৰু কৰ্মচাৰীসকলে কেনেদৰে জিঅ' ফোন নেক্সটৰ বাবে বহুখিনি পৰিশ্ৰম কৰিছে। লাখ লাখ ভাৰতীয়ই তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ কেনেদৰে জিঅ' ফোন নেক্সট ব্যৱহাৰ কৰে তালে আমি সাগ্ৰহেৰে দৃষ্টি দিম।''