বিশ্ব বক্সিঙলৈ সাজু তাৰকা বক্সাৰ লাভলীনা !



অসমৰ চৰকাৰে ৰাজ্যৰ ক্ৰীড়া নীতি অনুযায়ী লাভলীনা বৰগোঁহাইলৈ আগবঢ়োৱা DSP চাকৰি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। এই কথা নিউজ১৮ক জনালে বক্সিং ইন্ডিয়াৰ সচিৱ প্ৰধান হেমন্ত কলিতাই।


মেজৰ ধ্যানচান্দ খেলৰত্ন বটাৰ বাবে নাম অনুমোদন হোৱাত উৎফুল্লিত অনুভৱ কৰিছে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। লাভলীনাই ইতিমধ্যে সম্মান সহকাৰে যোগ্যতা অৰ্জন কৰিছে ইষ্টানবুলৰ আইবা মহিলা বিশ্ব বক্সিংবা চেম্পিয়নশ্বীপৰ বাবে। তাৰকা বক্সাৰ অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোঁহাই। অৰ্জুনৰ পিছত এইবাৰ সম্মানীয় মেজৰ ধ্যানচান্দ খেলৰত্ন বটাৰ বাবে বিবেচিত হৈছে লাভলীনা বৰগোঁহাই। টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা দেশৰ গৌৰৱ লাভলীনা বৰগোঁহাইৰ নাম "মেজৰ ধ্যানচান্দ খেলৰত্ন" বটাৰ বাবে অনুমোদন জনাইছে জুৰি কমিটিয়ে। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ৰ মনোনোয়ন আৰু বিশেষজ্ঞ জুৰি কমিটিৰ অনুমোদনত উৎফুল্লিত অনুভৱ কৰিছে লাভলীনা বৰগোঁহাইয়ে। এই কথা নিউজ১৮ক জনাই ভাৰতীয় বক্সিঙৰ সচিৱ প্ৰধান হেমন্ত কলিতাই। অলিম্পিকৰ পদকক সম্মান জনাই লাভলীনাক পোনপটীয়াকৈ বিশ্ব বক্সিঙত অংশ গ্ৰহনৰ বাবে সুযোগ দিছে বক্সিং ইন্ডিয়াই। সেয়ে  ইষ্টানবুলৰ আইবা বিশ্ব মহিলা বক্সিঙৰ বাবে সাজু হৈছে লাভলীনা বৰগোঁহাই। ৪ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ ইষ্টানবুলত চলিব বিশ্ব শ্ৰেষ্ঠ মহাৰণ। অসমৰ চৰকাৰে নীতি অনুযায়ী লাভলীনা লৈ আগবঢ়োৱা DSP চাকৰি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে লাভলীনা বৰগোঁহাইয়ে।দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সম্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বটাৰ বাবে অনুমোদন লাভ কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হল লাভলীনা বৰগোঁহাই।

Post a Comment

Previous Post Next Post