NSCNৰ লগত ঈশ্বৰৰ প্ৰাৰ্থনাৰে আলোচনা আৰম্ভ কৰা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফাৰ্ণেণ্ডজৰ দেহাৱসান

 


প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অস্কাৰ ফাৰ্ণেণ্ডজে আজি  মাংগালৰুৰ এখন চিকিৎসালয়ত ৮০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। যোৱা জুলাই মাহৰ পৰা শিৰত আঘাত পোৱাৰ পিছত চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান নেতাজন। উল্লেখযোগ্য যে, ফাৰ্ণেণ্ডজে ড৹ মনমোহন সিঙৰ কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ছোৱাত NSCN-IMৰে শান্তি আলোচনাত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল।  তেওঁৰ তৎপৰতাত আলোচনাই ইতিবাচক অগ্ৰগতি লাভ কৰছিল বুলি বহু বিশ্লেষকে ক’ব খোজে ।


২০০৬চনত তেওঁ NSCN-IMৰে বেংককত অনুষ্ঠিত হোৱা এক শান্তি আলোচনাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলক নেতৃত্ব দিছিল ।  এই শান্তি আলোচনা সমূহ ভগৱানৰ উপাসনাৰে আৰম্ভ কৰি এক নতুন ধাৰা আৰম্ভ কৰিছিল ফাৰ্ণেণ্ডজে । এই চমু প্রাৰ্থনাত সকলো পক্ষই অংশগ্ৰহণ কৰিছিল । অতি তেওঁ কুচিপুড়ি নৃত্যতো পাৰ্গত আছিল।

ফাৰ্ণেণ্ডজ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত পথ, পৰিবহণ, ঘাই পথ, শ্ৰম আৰু নিয়োগৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটী নিৰ্বাচন বিভাগৰ সভাপতিৰ দায়িত্বও পালন কৰিছিল। বহুদিন ধৰি AICCৰ সাধাৰণ সম্পাদক হৈ আছিল ফাৰ্ণেণ্ডজ। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে ফাৰ্ণেণ্ডজ কৰ্ণাটক উদুপি লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰি লোকসভা সদস্য হৈছিল । তাৰ পিছত একেৰাহে ৫বাৰ উদুপিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ আহিছিল । ১৯৯৯চনৰ পৰা তেওঁ কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য হৈ আছিল ।

Post a Comment

Previous Post Next Post