'ত্ৰিপুৰাত হিংসা হৈছে বাঁওপন্থীসকলৰ উপহাৰ আৰু ই নিৰ্বাচনলৈকে চলি থাকিব'- প্ৰদ্যুৎ মাণিক্য


 

অলপতে অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হোৱা ত্ৰিপুৰাৰ নৱউদিত ৰাজনৈতিক ব্যক্তিত্ব কিৰিট প্ৰদ্যুৎ মাণিক্য দেব বৰ্মনে নিউজ–১৮ৰে হোৱা এক সাক্ষাৎকাৰত অসম তথা ত্ৰিপুৰাৰ ৰাজনৈতিক দিশক লৈ গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে। ত্ৰিপুৰাৰ ৰাজ পৰিয়ালৰ সন্তান হৈও নিজকে মহাৰাজাৰ সলনি সাধাৰণ নাগৰিক বুলি পৰিচয় দিবলৈ ভালপোৱা প্ৰদ্যুৎ মাণিক্যই বৰ্তমান ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ–সংগ্ৰামৰ মঞ্চ তিপ্ৰা (TIPRA)ৰ মুৰব্বীৰ দায়িত্বত আছে।


প্ৰথমবাৰৰ বাবে উত্তৰ–পূবৰ স্থানীয় ৰাজনৈতিক শক্তিক এখন মঞ্চলৈ অনাৰ বাবে TIPRAই কৰা প্ৰচেষ্টা সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে এয়া এনে এক মঞ্চ, য'ত সকলো আঞ্চলিক দল আৰু শক্তিয়ে তেওঁলোকৰ নিজৰ বাবে মাত মাতিব পাৰে। দিল্লীলৈ যাবলৈ এক ঐক্যবদ্ধ কণ্ঠস্বৰ বিচৰা হৈছে ইয়াৰ দ্বাৰা। এই কণ্ঠস্বৰৰ নেতৃত্ব প্ৰদ্যুৎ মাণিক্যই বহন কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰে যে তেওঁ নেতৃত্ব নহয়, সুবিধা প্ৰদান কৰিব বিচাৰে আৰু তেওঁৰ দৰে এনে বহু লোক আছে।


ত্ৰিপুৰাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ (ADC) নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত প্ৰভাৱ পেলাইছিল বুলি বিশ্বাস কৰা হৈছিল, বিশেষকৈ অসম জাতীয় পৰিষদৰ দৰে আঞ্চলিক দলবোৰৰ ক্ষেত্ৰত অধিক ৰূপত। এই প্ৰসংগত প্ৰদ্যুৎ মাণিক্যৰ মন্তব্য আছিল– 'অসমৰ নিৰ্বাচনৰ পূৰ্বে মোৰ ফলাফল ঘোষণা কৰা হ'লে মই ভাবো ফলাফল বেলেগ হ'লহেঁতেন। উত্তৰ-পূবৰ লোকসকলে নিজৰ ওপৰত বিশ্বাস কৰা বন্ধ কৰিছে। আমি অতি চতুৰ হ'ব লাগিব। যদি আমি দিল্লীৰ লাইন লৈ থাকোঁ, তেন্তে আমি আজি যি ৰাজ্যত আছোঁ সেইখন হয় উন্নত হ'ব পাৰে অথবা বেয়া হ'ব পাৰে। আমাৰ এটা স্বতন্ত্ৰ দৃষ্টিভংগী থাকিব লাগিব।'

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই নিৰ্বাচনত TIPRAৰ সৈতে মিত্ৰতাৰ বিষয়ে চিন্তা কৰা প্ৰসংগত তেওঁৰ মত জানিব বিচৰাত উল্লেখ কৰে যে এই বিষয়ে তেওঁ অৱগত নহয় আৰু যদি কথা পাতিব লগা হয়, তেন্তে তেওঁ অমিত শ্বাহ বা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰে। প্ৰসংগত তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভাল বুলিও উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁ গ্ৰেটাৰ ত্ৰিপুৰালেণ্ডৰ বাবে লিখিত ৰূপত কথা পাতিব বিচাৰে বুলি জনায়।


আনহাতে প্ৰদ্যুৎ মাণিক্যই খিলঞ্জীয়াৰ বিলুপ্তিৰ ক্ষেত্ৰত ২০২৬ চনটো সীমা নিৰ্ধাৰণ কৰিছিল। এইক্ষেত্ৰত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ এটা বিশেষত্ব আছে। বিজেপিয়ে বংগত এইটোৱেই কথা পাতি আছে। যদি খিলঞ্জীয়া লোকসকলক ২০২৬ চনৰ আগতে তেওঁলোকৰ সাংবিধানিক অধিকাৰ প্ৰদান কৰা নহয়, তেন্তে সীমানিৰ্ধাৰণ আৰম্ভ। ইয়াৰ পিছত ত্ৰিপুৰাত খিলঞ্জীয়া সম্প্ৰদায়ৰ উন্নত ভৱিষ্যতৰ বাবে কথা পাতিবলৈ বা মীমাংসা কৰাৰ বাবে কোনো পৰিসংখ্যা নাথাকিব। টিপ্ৰাচা লোকসকল হাজাৰ হাজাৰ বছৰ ধৰি জীয়াই আছে। গতিকে ভাষা, সংস্কৃতি আৰু সামাজিক-সাংস্কৃতিক বিশেষাধিকাৰ সংৰক্ষণ কৰাৰ অধিকাৰৰ ক্ষেত্ৰত এয়া 'অন্তিম যুঁজ' বুলি তেওঁ উল্লেখ কৰে।

Post a Comment

Previous Post Next Post